ৰঙিয়া, 5জানুৱাৰীঃৰঙিয়াৰ ক্ৰীড়া ক্ষেত্ৰখন আৰু এখোজ আগবাঢ়ি যোৱাৰ প্ৰয়াসেৰে ৰঙিয়া মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয় "নাচেন"শীৰ্ষক এখন বেডমিণ্টন একাডেমী ৷ এই একাডেমীৰ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই ৷
ৰঙিয়াত বেডমিণ্টন একাডেমী উদ্বোধন সাংসদ ভুৱনেশ্বৰ কলিতাৰ - ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা
ৰঙিয়া মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয় "নাচেন"নামৰ এখন বেডমিণ্টন একাডেমী ৷ এই একাডেমীৰ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই ৷ সাংসদ কলিতাই বেডমিণ্টন একাডেমীখন উদ্বোধন কৰাৰ পিছত প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে ।

ৰঙিয়াত বেডমিণ্টন একাডেমী উদ্বোধন সাংসদ ভুৱনেশ্বৰ কলিতাৰ
সাংসদগৰাকীয়ে বেডমিণ্টন একাডেমীখনে ভৱিষ্যতে ৰঙিয়াৰ পৰা সুদক্ষ খেলুৱৈ সৃষ্টি কৰিব বুলি মন্তব্য কৰি অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত একাডেমীৰ প্ৰশিক্ষাৰ্থী সকলে কেৱল ৰঙিয়াতে নহয়, অসম তথা ভাৰত বৰ্ষৰ বিভিন্ন ঠাইৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা চেষ্টা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে । তদুপৰি সাংসদ কলিতাই বেডমিণ্টন একাডেমীখন উদ্বোধন কৰাৰ পিছত প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে ।
লগতে পঢ়কঃচাইল্ড পৰ্ণ বিক্ৰীৰ অপৰাধত দিল্লীত 5 জনলৈ লোকক গ্ৰেপ্তাৰ