অসম

assam

ETV Bharat / state

সুস্থ হোৱাৰ দিশে এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়া

চিকিৎসাধীন অৱস্থাত তৰুণ শইকীয়াক সাহস দিছিল তেওঁৰ অসংখ্য গুণমুগ্ধই । অসমলৈ উভতিয়ে ৰাইজৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ে তৰুণ শইকীয়াই । বৰ্তমান তেওঁ কিছু দুৰ্বল যদও স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটিছে বুলি জানিব পৰা গৈছে ৷

By

Published : May 7, 2019, 9:57 AM IST

ক্ৰমাৎ সুস্থ হৈ উঠিছে এভাৰেষ্ট আৰোহনকাৰী তৰুণ শইকীয়া

আজাৰা,৭ মে' : দিল্লীৰ পৰা চিকিৎসা গ্ৰহণ কৰি অসমলৈ উভতিল অসমৰ প্ৰথমগৰাকী এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়া । ২০০৮ চনত এভাৰেষ্ট আৰোহণ কৰি হিমালয়ৰ শিখৰত তৰুণ শইকীয়াই গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা আৰু গামোচা উৰুৱাইছিল । উল্লেখ্য যে, অক্সিজেন অবিহনে শুকুলা এভাৰেষ্টৰ শিখৰ বগাইছিল এইগৰাকী ক্ৰীড়াবিদে । কিন্তু হঠাৎ অসুস্থ হৈ পৰিছিল অসমক গৌৰাৱান্বিত কৰা তৰুণ শইকীয়া । দুয়োটা কিডনী বিকল হৈ পৰিছিল দুঃসাহসিক ক্ৰীড়াবিদগৰাকীৰ ।

ক্ৰমাৎ সুস্থ হৈ উঠিছে এভাৰেষ্ট আৰোহনকাৰী তৰুণ শইকীয়া

সেই সময়ত চিকিৎসাধীন অৱস্থাত তৰুণ শইকীয়াক সাহস দিছিল তেওঁৰ অসংখ্য গুণমুগ্ধই । অসমলৈ উভতিয়ে ৰাইজৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ে তৰুণ শইকীয়াই । বৰ্তমান তেওঁ কিছু দুৰ্বল যদও স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটিছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details