অসম

assam

ETV Bharat / state

দেহত আঘাত আৰু চকুত চকুপানী লৈ আৰক্ষী থানাত দুগৰাকী বৃদ্ধা - শাৰীৰিক আৰু মানসিক নিৰ্যাতন

বাইহাটা চাৰিআলিৰ কদমতলাত নিজ পুত্ৰৰ হাতত নিৰ্যাতিত হৈছে এগৰাকী বৃদ্ধা ৷ শৌচালয় ব্যৱহাৰ কৰোতে লেতেৰা হোৱাৰ বাবেই দ্বিতীয় পুত্ৰ হিতেশ তালুকদাৰে লাঠীৰে কোৱাই হাত ভাঙি দিয়ে বৃদ্ধাগাৰীক ৷ আলিপূৱ গাঁৱৰ ফুলবানু বিবি নামৰ নামৰ এই বৃদ্ধা গৰাকী নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তেওঁৰেই কণিষ্ঠ পুত্ৰ মৃদুল আলীয়ে ৷

দেহত আঘাত আৰু চকুত চকুপানী

By

Published : Sep 1, 2019, 3:14 PM IST

বাইহাটা চাৰিআলি, ছেপ্তেম্বৰ 1 :হাতত বেণ্ডেজ আৰু চকুত চকু পানী লৈ বাইহাটাৰ আৰক্ষী থানাত কদমতলাৰ এইগৰাকী বৃদ্ধা ৷ নিজ পুত্ৰৰ হাতত নিৰ্যাতিত হৈছে বৃদ্ধাগৰাকী ৷ শৌচালয় ব্যৱহাৰ কৰোতে লেতেৰা হোৱাৰ বাবেই দ্বিতীয় পুত্ৰ হিতেশ তালুকদাৰে লাঠীৰে কোৱাই হাত ভাঙি দিয়ে বৃদ্ধাগাৰীক ৷ ইয়াৰ পূৰ্বেও পুত্ৰই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ এইগৰাকী দুৰ্ভগীয়া মাতৃৰ ৷

দেহত আঘাত আৰু চকুত চকুপানী


আনহাতে, বাইহাটা চাৰিআলিৰ আলিপূৱ গাঁৱৰ ফুলবানু বিবি নামৰ নামৰ এই বৃদ্ধা গৰাকী নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তেওঁৰেই কণিষ্ঠ পুত্ৰ মৃদুল আলীয়ে ৷ পুত্ৰ অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছিল বৃদ্ধাগৰাকী ৷ ইয়াতেই খৰ্গহস্ত হৈ মাতৃক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে মৃদুল আলীয়ে ৷ পুনৰ ফুলবানু বেগম বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হোৱাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে বেজেৰা সামুহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details