অসম

assam

ETV Bharat / state

বাংগালোৰত হাহাকাৰ কৰিছে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ! - Bangalore medical student

লক্ ডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে অসমৰ ছাত্র-ছাত্ৰী ৷ বাংগালোৰত এক অবৰ্ণনীয় পৰিবেশৰ মাজত থাকিব লগা হৈছে বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্র-ছাত্রী সকলে ।

students from Assam
students from Assam

By

Published : Apr 29, 2020, 3:12 PM IST

ৰঙিয়া, 29 এপ্ৰিল : লক্ ডাউনৰ ফলত দেশৰ ভিন্ন প্ৰান্তত নিজৰ ঠাইৰ পৰা গৈ বিভিন্ন বিত্তিত নিয়োজিত হৈ থকা লোক বন্দী হৈ পৰা পৰিলক্ষিত হৈছে ৷ একাংশই বিভিন্ন উপায়েৰে গৃহাভিমুখী হৈছে যদিও প্ৰায়সংখ্যক এতিয়াও বন্দী হৈয়েই আছে ৷ অসমৰো বহু লোক তথা যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰী বহিঃৰাজ্যত বন্দী হৈ ৰৈছে লক্ ডাউনৰ ফলত ৷

অভাৱনীয় পৰিস্থিতিৰ মাজত বাংগালোৰত আৱদ্ধ হৈ আছে অসমৰ ২৫০ জনৰো অধিক ছাত্র-ছাত্রী । এক অবৰ্ণনীয় পৰিবেশৰ মাজত থাকিব লগা হৈছে বাংগালোৰৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্র-ছাত্রী সকল। হোষ্টেল সমূহ বন্ধ কৰি দিয়াত তাত থকা ছাত্র-ছাত্ৰী সকলৰ কিছু সংখ্যকে বন্ধু-বান্ধৱীৰ ঘৰভাড়াত আশ্ৰয় লৈছিল যদিও ঘৰভাড়াৰৰ গৰাকীয়ে ৰাখিবলৈ অমান্তি হোৱাত ছাত্র-ছাত্ৰী সকলৰ থাকিবলৈ ঠাই নোহোৱাৰ দৰে হৈছে।

অসম চৰকাৰলৈ কাতৰ আহ্বান বাংগালোৰত আৱদ্ধ ছাত্ৰ-ছাত্ৰীৰ !

বাংগালোৰত থকা অসমৰ বিভিন্ন জিলাৰ লগতে বন্দী হৈ থকা ৰঙিয়াৰ ছাত্র-ছাত্রী সকলে কোটাৰ ছাত্ৰ-ছাত্ৰীসকলৰ নিচিনাকৈ তেওঁলোককো অসমলৈ ঘুৰাই আনিবলৈ কাতৰ অনুৰোধ জনাইছে অসম চৰকাৰক ।

ইফালে নিজ সন্তানক লৈ দুঃচিন্তাত ভুগিছে তেওঁলোকৰ পৰিয়ালেও। ছাত্ৰ-ছাত্ৰী সকলৰ অৱস্থাক লৈ উদ্বিগ্ন হৈ পৰিছে পিতৃ-মাতৃ ,আত্মীয় স্বজন । ছাত্র-ছাত্রী সকলৰ পিতৃ-মাতৃ, আত্মীয়সকলেও ছাত্র-ছাত্রী সকলক ঘৰলৈ অহাৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত কৃষি বিপ্লৱৰ সূচনা প্ৰাক্তন জোৱানৰ

ABOUT THE AUTHOR

...view details