অসম

assam

ETV Bharat / state

বগীবিল আৰু বুঢ়ীদিহিঙৰ পাৰত বনভোজ দলৰ ভিৰ

নৱবৰ্ষৰ প্ৰথম দিন উপলক্ষে আজি বগীবিল আৰু বুঢ়ীদিহিঙৰ পাৰত ভিৰ কৰেহি অগণন বনভোজকাৰীয়ে ৷ কৰ'না মহামাৰীৰ ভয়াবহতাৰ মাজতে মৰাণৰ ৰাইজে অতি উল্লাহৰ মাজেৰে আজি পাৰ কৰে নৱবৰ্ষৰ প্ৰথম দিনটো ।

By

Published : Jan 1, 2021, 9:16 PM IST

Moran_Several Picnic group at Bogeebil and beside Burhidihing river
বগীবিল আৰু বুঢ়ীদিহিঙৰ পাৰত বনভোজ দলৰ ভিৰ

ডিব্ৰুগড়,1জানুৱাৰী: আজি নৱবৰ্ষৰ পহিলা দিন ৷ এই উপলক্ষে আজি বনভোজস্থলী সমূহত দেখা যায় বনভোজপ্ৰেমীৰ ভিৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণতো বনভোজ দলৰ সমাগম দেখিবলৈ পোৱা যায় ৷ বিশেষকৈ বগীবিল দলঙৰ সমীপত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দলে আহি ভিৰ কৰাৰ লগতে বুঢ়ীদিহিং নদীৰ পাৰতো ভিৰ কৰেহি বনভোজকাৰীয়ে ৷

বগীবিল আৰু বুঢ়ীদিহিঙৰ পাৰত বনভোজ দলৰ ভিৰ

বগীবিল আৰু বুঢ়ীদিহিঙৰ পাৰৰ সৰিয়হৰ হালধীয়া সুবাস আৰু নদীৰ মাদকতা উপভোগ কৰি বনভোজ দল সমূহে আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হয় । কৰ'না মহামাৰীৰ ভয়াবহতাৰ মাজতে মৰাণৰ ৰাইজে অতি উল্লাহৰ মাজেৰে আজি পাৰ কৰে নৱবৰ্ষৰ প্ৰথম দিনটো ।

বগীবিল আৰু বুঢ়ীদিহিঙৰ পাৰত বনভোজ দলৰ ভিৰ

অন্য এক খবৰৰ বাবে: বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

ABOUT THE AUTHOR

...view details