অসম

assam

ETV Bharat / state

সেনাৰ মেজৰ জেনেৰেলৰ বাসগৃহৰ দেৱাল ভাঙিলে একাংশ লোকে

জাননী প্ৰেৰণ নকৰাকৈয়ে জনতাই ভাঙিলে মেজৰ জেনেৰেলৰ বাসভৱনৰ দেৱাল ৷

By

Published : Apr 24, 2019, 12:30 PM IST

মৰেল পুলিচৰ কবলত সেনাৰ মেজৰ জেনেৰেল

আজাৰা, 24এপ্ৰিলঃ দক্ষিণ কামৰূপত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলৰ ঘৰৰ দেৱাল ভাঙিলে ৰাইজে ৷ জানিব পৰামতে দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাত সংঘটিত হৈছে এই ঘটনা ৷ ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল পদত অধিষ্ঠিত ভাস্কৰ কলিতাৰ বাসভৱনত একাংশ লোকে পথ পকীকৰণৰ জৰীপৰ নামত ভাঙি পেলাই ভাস্কৰ কলিতাৰ চৌহদত থকা পকী দেৱাল ৷ এই ঘটনাত পৰিয়ালৰ লোকে বাধা দিয়া সত্বেও বাধা নামানি বুলডজাৰ চলাই চকুৰ পচাৰতে ভাঙি পেলাই দেৱালখন ৷

সেনাৰ মেজৰ জেনেৰেলৰ বাসগৃহৰ দেৱাল ভাঙিলে একাংশ লোকে

উল্লেখ্য যে, প্ৰায় 3 মাহ পূৰ্বে পকীকৰণ সম্পূৰ্ণ হৈছিল অঞ্চলটোত ৷ তাৰ পাচতেই পুনৰ পকীকৰণৰ নামত পৰিয়ালটোক নিজৰ দেৱাল পিছুৱাবলৈ ৰাইজে বান্ধি দিছিল তিনিদিনৰ সময়সীমা ৷ কিন্তু বান্ধি দিয়া সময়সীমা সম্পূৰ্ণ নৌহওতেই দেৱাল ভাঙি দিয়াৰ ঘটনাত মৰ্মাহত হৈছে পৰিয়ালটো ৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে দেৱাল পিছুৱাবলৈ প্ৰশাসনে পৰিয়ালটোলৈ প্ৰেৰণ কৰা নাছিল কোনোধৰণৰ জাননী ৷ একদৰে দেৱাল ভাঙি পেলোৱাৰ সময়তো ঘটনাস্থলীত উপস্থিত নাছিল আৰক্ষী তথা প্ৰশাসনৰ কোনো লোক ৷ ঘটনা সন্দৰ্ভত পলাশবাৰী থানাত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পৰিয়ালে দাখিল কৰিছে এক এজাহাৰ ৷

ABOUT THE AUTHOR

...view details