অসম

assam

ETV Bharat / state

বকোত দুগৰাকী ব্যক্তিৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ধন - বকো

ষ্টেটিক চাৰ্ভিলেঞ্চৰ দলে অভিযান চলাই বকোত দুগৰাকী ব্যক্তিৰ পৰা জব্দ মুঠ 3 লাখ 40 হাজাৰ 350 টকা

বকোত বৃহৎ পৰিমাণৰ ধন জব্দ

By

Published : Apr 13, 2019, 3:00 PM IST

বকো, 13 এপ্ৰিল : নিৰ্বাচনী আচৰণবিধি জাৰি হৈ থকাৰ সময়তে বকোৰ শাখাতিত দুগৰাকী ব্যক্তিৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ধন ৷ নগৰবেৰাৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাস আৰু বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত ষ্টেটিক চাৰ্ভিলেঞ্চৰ দলে অভিযান চলাই দুগৰাকী ব্যক্তিৰ পৰা জব্দ কৰে মুঠ 3 লাখ 40 হাজাৰ 350 টকা ৷

বকোত বৃহৎ পৰিমাণৰ ধন জব্দ

মিৰ্জাৰ কল্যাণ কুমাৰ কলিতাৰ পৰা 2 লাখ 5 হাজাৰ 350 টকা আৰু ছয়গাঁৱৰ টুক্ৰাপাৰাৰ তাৰা মিঞাৰ পৰা জব্দ কৰে 55 হাজাৰ টকা । এই নগদ ধন সন্দৰ্ভত দুয়োগৰাকীয়েই তথ্য প্ৰদানত ব্যৰ্থ হোৱাত আৰক্ষীয়ে দুয়োকে আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details