কামৰূপ, 15 ছেপ্তেম্বৰ: ধনৰ লেনদেনৰ এটা অডিঅ' ৰেকৰ্ডিঙে এতিয়া ভিতৰে বাহিৰে খলকনি তুলিছে গুৱাহাটী মহকুমা বজাৰ সমিতিৰ ৷ উক্ত অডিঅ' ৰেকৰ্ডিং অনুসৰি 15 লাখ টকাৰ বিনিময়ত গড়চুক পামহি বজাৰত ব্যৱসায়ীক স্থান দিয়াৰ নামত চলিছে ধনৰ লেন দেন ৷ ৰেকৰ্ডিং মতে,গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অন্তৰ্গত গড়চুক পামহি বজাৰত ব্যৱসায়ীক স্থান দিয়াৰ নামত তত্বাবধায়ক ধৰণীধৰ দাসে ফৰীয়া সন্থাৰ সভাপতি আজগৰ আলীৰ পৰা ললে 15 লাখ টকা ৷ পামহি বজাৰত উঠি ৰজা-বহি ৰজা হৈ পৰা তত্বাৱধায়ক ধৰণীধৰ দাসে ধন লোৱাৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে এতিয়া বজাৰ সমিতিৰ ভিতৰে বাহিৰে তোলপাৰ লাগিছে ৷
গড়চুক পামহি বজাৰত বৃহৎ পৰিমানৰ ধনৰ লেন দেনৰ অভিযোগ - আজগৰ আলীৰ পৰা ললে 15 লাখ টকা
ধনৰ লেনদেনৰ এটা অডিঅ' ৰেকৰ্ডিঙে এতিয়া ভিতৰে বাহিৰে খলকনি তুলিছে গুৱাহাটী মহকুমা বজাৰ সমিতিৰ ৷ ৰেকৰ্ডিং মতে,গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অন্তৰ্গত গড়চুক পামহি বজাৰত ব্যৱসায়ীক স্থান দিয়াৰ নামত তত্বাৱধায়ক ধৰণীধৰ দাসে ফৰীয়া সন্থাৰ সভাপতি আজগৰ আলীৰ পৰা ললে 15 লাখ টকা ৷

গড়চুক পামহি বজাৰত বৃহৎ পৰিমানৰ ধনৰ লেন দেনৰ অভিযোগ
গড়চুক পামহি বজাৰত বৃহৎ পৰিমানৰ ধনৰ লেন দেনৰ অভিযোগ
উল্লেখনীয় যে,এই অডিঅ' ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে পামহি বজাৰত যে চিণ্ডিকেট ৰাজ চলি আছে সেয়া স্পষ্ট হৈ পৰিছে । শূণ্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই সন্দৰ্ভত এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷
লগতে পঢ়কঃ নগাঁৱত ৰহস্যজনকভাৱে মৃত্যু গুৱাহাটীৰ মহিলাৰ