গুৱাহাটী, 11 মে':এ টি এম কাৰ্ড ব্যৱহাৰ কৰিলে সাৱধান হও্ক ! আপুনি গম নোপোৱাকৈয়ে আপোনাৰ একাউন্টৰ পৰা হৰলুকি হ'ব পাৰে আপোনাৰ কষ্টোপাৰ্জিত ধন ৷ কাৰণ ৰাজ্যত সক্ৰিয় হৈ উঠিছে চাইবাৰ অপৰাধী ৷
আমিনগাঁওত এ টি এম কাৰ্ডৰ দ্বাৰা ধন হৰলুকি দুষ্ট চক্ৰৰ - etv bharat assam
এ টি এম কাৰ্ড হেক কৰি 80 হাজাৰ টকা হৰলুকি কৰিলে অপৰাধীয়ে ৷ মোবাইলত এচ এম এচ পাই মূৰে-কপালে হাত দিছে ভুক্তভোগী কুমুদ চন্দ্ৰ দাসে ৷
এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল আমিনগাঁৱৰ কুমুদ চন্দ্ৰ দাস নামৰ এজন যুৱক ৷ কুমুদৰ এ টি এম কাৰ্ড হেক কৰি চাইবাৰ অপৰাধীয়ে লুটি নিলে নগদ 80 হাজাৰ টকা ৷ জানিব পৰা মতে পাঁচ বাৰ ধন লেন-দেনেৰে যুৱকজনৰ একাউন্টটোত থকা সমুদায় ধন দুষ্ট চক্ৰই উলিয়াই নিয়ে ৷ ইপিনে ভুক্তভোগী কুমুদে মোবাইলত এচ এমএচ পাইহে নিজৰ একাউন্টৰ পৰা দুষ্ট চক্ৰই ধন উলিয়াই নিয়াৰ বিষয়ে অৱগত হয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কুমুদে আমিনগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বেংকলৈও সন্দেহৰ আঙুলি টুঁৱাইছে কুমুদ চন্দ্ৰ দাসে ৷