অসম

assam

ETV Bharat / state

ভূমিকম্পৰ সজাগতা : পলাশবাৰীৰ দুখনকৈ বিদ্যালয়ত মকড্ৰিল প্ৰদৰ্শন - ভূমিকম্প

বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বয়জ হাইস্কুল আৰু গাৰ্লছ হাইস্কুলত মকড্ৰিল প্ৰদৰ্শন কামৰূপ জিলা দুৰ্যোগ প্ৰশমণ বিভাগৰ ৷ ভূমিকম্পৰ পৰা নিজকে বচাবলৈ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ সৈতে এই পদক্ষেপ গ্ৰহণ প্ৰশমণ বিভাগসহ এনডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসা বিভাগ, অজন্তা ফাৰ্মা আৰু চান ফাৰ্মাৰ ৷

mockdrill show
মকড্ৰিল প্ৰদৰ্শন

By

Published : Nov 12, 2020, 5:32 PM IST

আজাৰা,12 নৱেম্বৰ : কামৰূপ জিলা দুৰ্যোগ প্ৰশমণ বিভাগৰ উদ্যোগত এনডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসা বিভাগ, অজন্তা ফাৰ্মা আৰু চান ফাৰ্মাৰ সহযোগত বৃহস্পতিবাৰে ভূমিকম্পৰ ফলত হ’ব পৰা দুৰ্যোগৰ সজাগতাৰ বাবে বিশেষ পদক্ষেপেৰে মকড্ৰিল প্ৰদৰ্শন কৰে ৷ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বয়জ হাইস্কুল আৰু গাৰ্লছ হাইস্কুলত এই কাৰ্যসূচী গ্ৰহণ কৰে দুৰ্যোগ প্ৰশমণ বিভাগে ৷

মকড্ৰিল প্ৰদৰ্শন

মকড্ৰিলৰ কাৰ্যসূচী অনুসৰি, প্ৰথমে প্ৰৱল ভূমিকম্প আৰু তাৰপাচতে অগ্নিকাণ্ড । ভূমিকম্পৰ পৰা কথমপি ৰক্ষা পৰে দুয়োখন বিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰী । মূৰত বেগ লৈ বিদ্যালয়ৰ পৰা সুকলমে ওলাই আহিল ছাত্ৰ-ছাত্ৰীসকল । কিন্তু দুৰ্ভাগ্যবশতঃ ভুঁইকপৰ ফলত বিদ্যালয়ৰ ভিতৰতে আৱদ্ধ হ’ল কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী ।

ততাতৈয়াকৈ জৰুৰীকালিন সেৱাক খবৰ দিয়াৰ পাচত প্ৰথমে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰে । আনহাতে বিদ্যালয়ৰ ভিতৰত আৱদ্ধ বহু লোকক স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও সকলোকে উদ্ধাৰ কৰাত বিফল হোৱাত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয় । উদ্ধাৰকাৰী দলে ভিতৰৰ পৰা জীৱন্তে উদ্ধাৰ কৰে শিক্ষকসহ 17 গৰাকী লোকক ৷ কিন্তু শাম কটা নাই পৰিস্থিতিৰ । বিদ্যালয়ৰ ভিতৰতে আৱদ্ধ হৈ আছে আৰু 3 গৰাকীকৈ লোক ।

বাহিৰলৈ ওলাবলৈ কোনো পথ বিচাৰি নোপোৱাত দুগৰাকীক খিৰিকীৰে লাইন ট্ৰেকৰ সহায়ত জীৱন্তে উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ হোৱা কেইগৰাকীমানৰ ভিতৰত কেইগৰাকীমানক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বাকী কেইগৰাকীক ঘটনাস্থলীতে অক্সিজেনৰ যোগান ধৰে ৷ আনহাতে ঘটনাস্থলীতে এগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷

অৱশ্যে এই সকলোবোৰ দুৰ্যোগ প্ৰশমণ বিভাগৰ এক মকড্ৰিল প্ৰদৰ্শন আছিল ৷ ভূমিকম্পৰ পৰা নিজকে বচাবলৈ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ সৈতে এই পদক্ষেপ গ্ৰহণ কৰে দুৰ্যোগ প্ৰশমণ বিভাগে ৷

লগতে পঢ়ক :উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

ABOUT THE AUTHOR

...view details