অসম

assam

ETV Bharat / state

ৰঙিয়াত আটক প্ৰৱঞ্চকৰ দল - ৰঙিয়া কলেজ

প্ৰৱঞ্চকৰ দলটোৱে ৰঙিয়াৰ এজন ব্যক্তিক নিজকে মধ্যপ্ৰদেশৰ বুলি চিনাকি দি লোকজনৰ ওচৰত ম'বাইল ফোন বিক্ৰী কৰিবলৈ আহিছিল । কিন্তু সেই সময়তে সেই স্থানত আন এজন লোক উপস্থিত হয় আৰু লোকজনক ম'বাইল ফোনটো নকল বুলি জনায় । কিয়নো তিনিদিন পূৰ্বে প্ৰৱঞ্চকৰ দলটোৱে লোকজনৰ ওচৰত এটা নকল ফোন বিক্ৰী কৰি আহিছিল ।

ৰঙিয়াত আটক প্ৰৱঞ্চকৰ দল

By

Published : May 28, 2019, 6:41 PM IST

ৰঙিয়া,২৮মে' : মঙলবাৰে ৰঙিয়াৰ স্থানীয় ৰাইজে ৰঙিয়া কলেজ গেটৰ ওচৰৰ পৰা তিনিজনীয়া এটা প্ৰৱঞ্চকৰ দলক আটক কৰে । প্ৰবঞ্চক দুটা মধ্যপ্ৰদেশৰ লখন চৌহান, ফুলবাই পাৱাৰ বুলি জানিব পৰা গৈছে । এই দলটোত এগৰাকী নাবালকো আছে ৷

ৰঙিয়াত আটক প্ৰৱঞ্চকৰ দল

প্ৰৱঞ্চকৰ দলটোৱে ৰঙিয়াৰ এজন ব্যক্তিক নিজকে মধ্যপ্ৰদেশৰ বুলি চিনাকি দি লোকজনৰ ওচৰত ম'বাইল ফোন বিক্ৰী কৰিবলৈ আহিছিল । কিন্তু সেই সময়তে সেই স্থানত আন এজন লোক উপস্থিত হয় আৰু লোকজনক ম'বাইল ফোনটো নকল বুলি জনায় । কিয়নো তিনিদিন পূৰ্বে প্ৰৱঞ্চকৰ দলটোৱে লোকজনৰ ওচৰত এটা নকল ফোন বিক্ৰী কৰি আহিছিল । ইপিনে, এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰৱঞ্চকৰ দলআটোক আটক কৰে ৷

ABOUT THE AUTHOR

...view details