ৰঙিয়া, 8 মে':ড্ৰাগছ ব্যৱসায়ৰ বিৰোধিতা কৰাৰ বাবেই 7 জনীয়া এটা দলৰ প্ৰহাৰত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী যুৱক ৷ এই ঘটনা সংঘটিত হৈছে ৰঙিয়া ষ্টেচনৰ সমীপৰ কৰিয়াৰাত ৷ অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণত আহত যুৱকজন নাম আব্দুল আলী বুলি জানিব পৰা গৈছে ৷
ড্ৰাগছ ব্যৱসায়ৰ বিৰোধিতা কৰাৰ বাবেই ৰঙিয়াত যুৱকক দলবদ্ধ প্ৰহাৰ - mob lynching
ৰঙিয়া ষ্টেচনৰ সমীপৰ কৰিয়াৰাৰ এখন পাণ দোকানত ড্ৰাগছ বিক্ৰী কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই, এটা 7 জনীয়া দলে গুৰুতৰভাৱে প্ৰহাৰ কৰে আব্দুল আলী নামৰ এজন যুৱকক ৷
![ড্ৰাগছ ব্যৱসায়ৰ বিৰোধিতা কৰাৰ বাবেই ৰঙিয়াত যুৱকক দলবদ্ধ প্ৰহাৰ mob lynching incident in rangia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7116247-thumbnail-3x2-kk.jpg)
mob lynching incident in rangia
ৰঙিয়াত যুৱকক দলবদ্ধ প্ৰহাৰ
অভিযোগ অনুসৰি, কৰিয়াৰাৰ ৰিংকু আলীৰ পাণ দোকানত ড্ৰাগছ বিক্ৰী বন্ধ কৰিবলৈ কোৱাৰ বাবেই, ৰিংকুৰ লগতে আন 6 জন লোকে দলবদ্ধভাৱে ৰডেৰে প্ৰহাৰ কৰে আব্দুল আলীক ৷ ফলত আব্দুল আলী নামৰ যুৱক জনৰ মূৰ ফটাৰ লগতে শৰীৰৰ কেইবা ঠাইতো আঘাত পায় ৷ ইতিমধ্যে ৰিংকু আলীৰ লগতে অন্য ৬ জন অভিযুক্তৰ বিৰুদ্ধে আব্দুলে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছে ৷
লগতে পঢ়কঃগুটখা ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ কৰিমগঞ্জ আৰক্ষী