অসম

assam

ETV Bharat / state

যাত্ৰা দলৰ শিল্পী তথা কলা-কুশলীক খাদ্য সামগ্ৰী প্ৰদান বিধায়ক ৰেকিবুদ্দিনৰ

কৰ’ণা মহামাৰীৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা যাত্ৰা দলৰ শিল্পী আৰু কলা-কুশলীক সাহায্য প্ৰদান ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ৷ ৩১ গৰাকীকৈ শিল্পী আৰু কলা-কুশলীক বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে খাদ্য সামগ্ৰী ৷

helping hand
helping hand

By

Published : Sep 8, 2020, 11:11 AM IST

ছয়গাঁও,৭ছেপ্টেম্বৰ : কৰ’ণা মহামাৰীৰ বাবে চলিত বৰ্ষত নামনি অসমৰ যাত্ৰাদল সমূহৰ নাট প্ৰদৰ্শন বন্ধ হৈ পৰিছিল ৷ যাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে যাত্ৰা দল সমূহৰ শিল্পী, কলা-কুশলীৰ লগতে প্ৰযোজক সকল ৷ বৰ্তমানেও কৰ’ণাৰ সংক্ৰমণ ৰোধ নোহোৱাৰ ফলত এই বৰ্ষত যাত্ৰাদল সমূহে নাট প্ৰদৰ্শন কৰা নকৰাটোক লৈ এতিয়াও যাত্ৰাৰ শিল্পী, কলা-কুশলীৰ লগতে প্ৰযোজক সকলে চৰম অনিশ্চয়তাত দিন কটাবলগীয়া হৈছে ৷ উপাৰ্জনৰ পথ বন্ধ হোৱাৰ ফলত তেওঁলোকৰ মাজত দেখা দিছে আৰ্থিক সমস্যাই ৷ আনহাতে, এতিয়ালৈকে যাত্ৰাৰ শিল্পী সকলে চৰকাৰৰ পৰাও লাভ কৰা নাইকোনো ধৰণৰ সহায় সাহায্য ৷

যাত্ৰা দলৰ শিল্পী তথা কলা-কুশলীক খাদ্য সামগ্ৰী প্ৰদান

এনে সময়তেই, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৩১ গৰাকী শিল্পী আৰু কলা-কুশলীক প্ৰদান কৰিছে খাদ্য-সামগ্ৰী ৷ সোমবাৰে ছয়গাঁৱৰ আৰাধনা নাট্য দলৰ আখৰা গৃহত বিধায়ক গৰাকীৰ হৈ নাট্য দলটোৰ প্ৰযোজক দেবেশ্বৰ তালুকদাৰ আৰু বিষ্ণু-জ্যোতি নাট্যগোষ্ঠীৰ প্ৰযোজক বিপুল দাসে শিল্পী আৰু কলা-কুশলী সকলৰ মাজত খাদ্য সামগ্ৰীৰ ৩১ টা টোপোলা বিতৰণ কৰে ৷

খাদ্য সামগ্ৰীৰ এই টোপোলাত ৫ কি:গ্ৰা: চাউল, তিনি কি:গ্ৰা: মছুৰ দাইল, তিনি কি:গ্ৰা: চেনী, তিনি কি:গ্ৰা: চিৰা আৰু তিনি কি:গ্ৰা: বুট দিয়া হয় ৷ আনহাতে অতিশীঘ্ৰে বিধায়ক গৰাকীয়ে ছয়গাঁৱৰ এই সকল শিল্পী আৰু কলা-কুশলীক আৰ্থিক সাহায্যও প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ ছয়গাঁৱৰ এই সকলশিল্পী আৰু কলা-কুশলীকবিধায়ক গৰাকীয়েখাদ্য সামগ্ৰী প্ৰদানৰে সহাই আগবঢ়োৱা কাৰ্যক শলাগ লৈছে যাত্ৰা দলৰ সমূহ শিল্পী আৰু কলা-কুশলী সকলে ৷

লগতে পঢ়ক :আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন

ABOUT THE AUTHOR

...view details