অসম

assam

ETV Bharat / state

প্ৰতীক হাজেলা, ৰঞ্জন গগৈক তীব্ৰ সমালোচনা বিধায়ক শিলাদিত্য দেৱৰ - প্ৰতীক হাজেলাক সমালোচনা বিধায়ক শিলাদিত্যৰ

বকোত এন আৰ চি সজাগতা সভাত বিধায়ক শিলাদিত্য দেৱ ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অসম ধ্বংসকাৰী আখ্যা দিলে বিধায়কগৰাকীয়ে ৷

mla siladitya in boko nrc awarness meeting

By

Published : Nov 4, 2019, 9:55 PM IST

বকো,4 নৱেম্বৰ: প্ৰতীক হাজেলা, ৰঞ্জন গগৈক তীব্ৰ সমালোচনা কৰিলে বিতৰ্কিত শিলাদিত্য দেৱে ৷ দেওবাৰে নিশা বকো সমষ্টিৰ পুঠিমাৰীত অনুষ্ঠিত এখন এন আৰ চি সজাগতা সভাত অংশগ্ৰহণ কৰি শিলাদিত্যই প্ৰতীক হাজেলা আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কঠোৰ সমালোচনা কৰে ৷

সদৌ অসম বঙালী পৰিষদৰ কামৰূপ জিলাৰ উদ্যোগত অনুষ্ঠিত এই সভাখনত বঙালী ভাষাতে ভাষণ প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক তীব্ৰ সমোলোচনা কৰি তেওঁ এন আৰ চিৰ দ্বাৰা অসম ৰক্ষা নহয়,ধ্বংসহে কৰিলে বুলি মন্তব্য কৰে ৷ ইফালে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাকো 1600 কোটিৰ হিচাপ দিব নোৱাৰি একাংশৰ লগত মিলি নাটক কৰা বুলি তীব্ৰভাৱে সমালোচনা কৰে ৷

বকো সমষ্টিৰ পুঠিমাৰীৰ এন আৰ চি সজাগতা সভাত শিলাদিত্য দেৱ

লগতে পঢ়ক: কাছাৰ কাগজ কলত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত চোৰ ! পাচগ্ৰামত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details