অসম

assam

21ত অগপ-বিজেপিৰ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব : সত্যব্ৰত কলিতা

By

Published : Dec 1, 2020, 12:48 PM IST

2021ৰ নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰজোঁটে জয়লাভ কৰি চৰকাৰ গঠন কৰিব বুলি মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ ৷ বিজেপি আৰু অগপই একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰি কলিতাই কয় যে আগন্তুক নিৰ্বাচনৰ বাবে অগপই 40 খন আসনৰ বাবে পূৰ্ণ গতিত কাম কৰি আছে ৷

21 ত অগপ-বিজেপিৰ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব
21 ত অগপ-বিজেপিৰ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব

কামৰূপ, 1 ডিচেম্বৰ:21 ৰ নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰজোঁটে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাটো নিশ্চিত বুলি মন্তব্য অগপৰ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ ৷ কমলপুৰ সমষ্টিৰ বোৰ্কাত এখন খেলপথাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে ৷ তেওঁ কয় যে 21ৰ নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে জয়লাভ কৰি চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত ৷

21 ত অগপ-কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি নিশ্চিত বিধায়ক সত্যব্ৰত কলিতা

আগন্তুক নিৰ্বাচনত অগপই কিমান আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে এই বিষয়ত এতিয়াই মন্তব্য প্ৰদান কৰাটো সমিচীন নহ'ব ৷ তথাপি অগপ দলে মুঠ 40 আসনৰ বাবে যথেষ্ট সক্ৰিয়ভাৱে কাম কৰি আছে বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷

ইফালে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত অগপই নিজ দলৰ পৰা খুউব কম প্ৰাৰ্থী আগবঢ়োৱা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰটো মৰিগাঁৱত অগপৰ স্থিতি যথেষ্ট শক্তিশালী যদিও তিৱা জনগোষ্ঠীয় লোক সকলৰ জনগোষ্ঠীয় আশা আকাংক্ষা সমূহ পূৰণতহে গুৰুত্ব আৰোপ কৰাৰ বাবে প্ৰাৰ্থী আগবঢ়োৱা নাই বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ

ABOUT THE AUTHOR

...view details