কামৰূপ, ৪ মে': বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়তে সোমবাৰে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত বৃদ্ধা গৃহ আৰু শিশু পৰ্যবেক্ষণ গৃহ পৰিদৰ্শন কৰে । ছয়গাঁৱৰ বামুণীগাঁৱত উপস্থিত হৈ গৃহ পৰিদৰ্শন কৰাৰ লগতে আৱাসীসকলক বিভিন্ন ফল-মূল, বিস্কুট, ব্ৰেড, জুচ, গাখীৰ, খোৱা পানী ইত্যাদি প্ৰদান কৰাৰ লগতে কৰ'ণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ড চেনিটাইজাৰ আদি বিতৰণ কৰে । তাৰ পাচতে বামুণীগাঁওস্থিত মহাত্মা গান্ধী আদৰ্শ হাস্পতালত উপস্থিত হয় বিধায়কগৰাকী ।
বৃদ্ধা গৃহ আৰু শিশু পৰ্যবেক্ষণ গৃহ পৰিদৰ্শন বিধায়ক ৰেকিবুদ্দিনৰ - MLA rekibuddin Visiting Old Age Home and Child Care Home at Chaygaon
সোমবাৰে সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত বৃদ্ধা গৃহ আৰু শিশু পৰ্যবেক্ষণ গৃহ পৰিদৰ্শন কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে । লগতে খাদ্য সামগ্ৰী আৰু কৰ'ণা প্ৰতিৰোধ কৰিবলৈ মাস্ক, হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে বিধায়ক গৰাকীয়ে ।
উল্লেখযোগ্য যে, বামুণীগাঁওস্থিত মহাত্মা গান্ধী আদৰ্শ হাস্পতালত কৰ'ণা ৰোগী ৰখাৰ বাবে ১৯ খন বিচনাযুক্ত কোৱাৰান্টাইন চেন্টাৰ হিচাপে তৈয়াৰ কৰা হৈছে । আনহাতে, হাস্পতালখনতো বিধায়কগৰাকী উপস্থিত হৈ হাস্পতালৰ অধীক্ষক ডাঃ সোণেশ্বৰ দাসৰ সহযোগত হাস্পতালখনৰ ডাক্তৰ, নাৰ্চ, লেবৰেটৰী এছিছটেণ্ট আদি কৰি মুঠ ২৬ গৰাকী ব্যক্তিক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে কৰ'ণাৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ড চেনিটাইজাৰ আদি বিতৰণ কৰে ।
ইয়াৰ উপৰিও ছয়গাঁও প্ৰেছ ক্লাৱৰ উন্নয়নৰ বাবে ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি ধীৰাজ দাস আৰু সম্পাদক ভগৱান দাসৰ হাতত এখন দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে । ইয়াৰ পিছতে ছয়গাঁৱৰ গোৱৰ্ধনত অৱস্থিত ছয়গাঁও প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয় কৰ্তৃপক্ষকো খাদ্য সামগ্ৰী বিতৰণ কৰে ।