ছয়গাঁও ১৮ ডিচেম্বৰঃবিজেপিলৈ কেতিয়াও নাযায় ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ তেওঁ বিজেপিলৈ যাব বুলি ওলোৱা খবৰ একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰহে ৷ শুকুৰবাৰে ছয়গাঁৱৰ ৰাজীৱ ভৱনত সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰি বিধায়ক ৰেকিবুদ্দিনে কয় যে, তেওঁ কোনো কাৰণতে বিজেপিলৈ নাযায় ৷ আজি কিছুদিনৰ পৰা একাংশ সংবাদ মাধ্যমত তেওঁ বিজেপিলৈ যাব বুলি বাতৰি ওলোৱা বিষয়টো লক্ষ্য কৰি আছো বুলি কৈ তেওঁ এয়া একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰ বুলিহে মন্তব্য কৰে ৷ আনকি একাংশ সংবাদ গোষ্ঠীয়ে তেওঁ বিজেপিত যোগদান কৰাৰ তাৰিখ বাৰ পৰ্যন্ত প্ৰচাৰ কৰা বুলি কৈ সেই সকল সংবাদ গোষ্ঠীৰ হাতত কি তথ্য আছে বুলিও বিধায়ক গৰাকীয়ে প্ৰশ্ন তোলে ৷
বিজেপিলৈ নাযায় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ - চৰকাৰী কাৰ্যসূচীত চৰকাৰী বিষয়া
বিজেপিলৈ নাযায় ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ বিধায়ক গৰাকী বিজেপিলৈ যাব বুলি ওলোৱা বাতৰি সংবাদ মাধ্যমৰ সৃষ্ট ৷ ৰেকিবুদ্দিন বিজেপিলৈ যাব বুলি প্ৰচাৰিত বাতৰি সংবাদ মাধ্যমে চলোৱা অপপ্ৰচাৰহে বুলি উল্লেখ কৰে ৰেকিবুদ্দিন আহমেদে ৷
ইপিনে সমষ্টি এটা চলোৱাৰ স্বাৰ্থত কেতিয়াবা চৰকাৰী কাৰ্যসূচীত চৰকাৰী বিষয়াৰ লগতে মন্ত্ৰীৰ লগত বহিবলগীয়া হোৱা কথাটো একো ডাঙৰ কথা নহয় বুলি কৈ তেওঁ সেয়া একো বিষয় নহয় বুলিও কয় ৷ ২০২১ ৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে এক লাখ ভোট লাভ কৰি বিজয়ী হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ ভৱিয্যতে তেওঁৰ বিষয়ে এনেকুৱা নিউজ কৰাৰ আগতে তেখেতৰ লগত কথা পাতি লব’লৈও সংবাদ মাধ্যমৰ প্ৰতি তেওঁ অনুৰোধ জনাই ৷ সমষ্টি উন্নয়নৰ স্বাৰ্থত বিধান সভাত তেওঁ সদায়েই মাত মাতি যোৱাৰ কথা উনুকিয়াই কয় যে, তেওঁ কেতিয়াও বিজেপিলৈ নাযায় আৰু এই ক্ষেত্ৰত কোনোদিনে নাভাবেও ৷
আনহাতে অজন্তা নেওগ বিজেপিলৈ যোৱাত তেওঁৰ ব্যক্তিগতভাৱে বহুত দুখ লাগিছে যদিও অজন্তা নেওগৰ বিজেপি গমনত কংগ্ৰেছৰ একো ক্ষতি নহয় বুলি প্ৰকাশ কৰে ৷ অৱশ্যে তেওঁ অজন্তা নেওগৰ বিজেপি গমনৰ কথাটো প্ৰত্যাহাৰ কৰিবলৈ অজন্তা নেওগক পুনৰবাৰ অনুৰোধ জনাই ৷ তেওঁ পুনৰ কয় যে, ৰাজনীতিত এনেদৰে দুই এজনৰ অহা যোৱা চলি থাকেই আৰু এই ক্ষেত্ৰত মূৰ ঘমাই একো লাভ নাই ৷
লগতে পঢ়কঃ গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী