অসম

assam

By

Published : May 27, 2021, 11:27 AM IST

ETV Bharat / state

গৰৈমাৰীত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ৰেকিবুদ্দিন আহমেদে

গৰৈমাৰীৰ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ গৰৈমাৰীত উপস্থিত ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ বিধায়ক গৰাকীৰ তৎপৰতাত গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদ, দৈনিক বজাৰ, চিকিৎসালয়, চৰকাৰী কাৰ্যালয় আদি চেনিটাইজেচ’ন কৰা হয় ৷

গৰৈমাৰীৰ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ
গৰৈমাৰীৰ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ

বকো,27 মে’: বুধবাৰে গৰৈমাৰীত উপস্থিত হয় ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ গৰৈমাৰীৰ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় ছয়গাঁৱৰ বিধায়ক গৰাকী ৷ ছয়গাঁৱৰ বিধায়ক গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসকৰ লগতে গৰৈমাৰী চক্ৰ বিষয়াক সাক্ষাৎ কৰি গৰৈমাৰী অঞ্চলৰ ক’ভিড সম্পৰ্কে এক আলোচনাতো মিলিত হয় ৷ ইফালে কৰ’ণাৰ সংক্ৰমণ কিছু পৰিমাণে হ’লেও ৰোধ কাৰৰ হেতুকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদ চেনিটাইজেচন কৰে বিধায়ক গৰাকীয়ে ৷

গৰৈমাৰীৰ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ

বিধায়ক গৰাকীৰ তৎপৰতাত কেৱল গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদ চেনিটাইজেচন কৰাই নহয়, গৰৈমাৰীৰ বিভিন্ন অঞ্চলৰ দৈনিক বজাৰ, চিকিৎসালয়, চৰকাৰী কাৰ্যালয় আদিটো চেনিটাইজেচ’ন কৰা হয় ৷ উল্লেখ্য যে, ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গৰৈমাৰী অঞ্চলৰ লগতে সমূহ অসমবাসীকে সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনাই ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷

লগতে পঢ়ক:ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিডাক্ৰান্তক সহায় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ABOUT THE AUTHOR

...view details