ছয়গাঁও, 27 এপ্ৰিলঃ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে সাংবাদিককে আদি কৰি বিভিন্ন লোকৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী৷ কামৰূপৰ ছয়গাঁও চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷
কামৰূপৰ ছয়গাঁৱৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে সাংবাদিক,আৰক্ষী থানা,গাঁওবুঢ়া,চক্ৰ বিষয়া আৰু উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰদান কৰিলে মাস্ক আৰু ছেনিটাইজাৰ ৷ মহামাৰী ক'ৰণা ভাইৰাছ ৰোধৰ বাবে দেশত চলি থকা লক ডাউন প্ৰক্ৰিয়াৰ মাজতো জৰুৰীকালীন সেৱাত নিয়োজিত হৈ আছে বহু লোক । সেইসকল লোকৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কামৰূপৰ ছয়গাঁও চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত সোমবাৰে দুপৰীয়া ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও ৰাজহ চক্ৰ বিষয়া প্ৰীতিলেখা ডেকাৰ উপস্থিতিত অঞ্চলটোৰ ১৭ গৰাকী সাংবাদিক, ৪৬ গৰাকী গাঁওবুঢ়া, ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী , উন্নয়ন খণ্ড কাৰ্যালয় আৰু বনগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰী সকলক ক'ৰণা ভাইৰাছ প্ৰতিৰোধ মাস্ক, হেণ্ডছেনিটাইজাৰ,ফেনাইল আদি বিতৰণ কৰে ৷ ইয়াৰ উপৰি সাংবাদিক সকলক খাদ্য সামগ্ৰীৰ লগতে কিছু প্ৰয়োজনীয় ঔষধো প্ৰদান কৰে বিধায়ক গৰাকীয়ে ।