আজাৰা,1 জানুৱাৰীঃ অনুদানৰ সোঁত বৈছে শ্বহীদ দীপাঞ্জল দাসৰ ঘৰলৈ ৷ প্ৰতিশ্ৰুতি অনুসৰি কথা ৰাখিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ পহিলা জানুৱাৰীৰ দিনটোত দীপাঞ্জলৰ ভাতৃ দীপাংকৰ দাসক বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰদান কৰে এটি উদ্যোগ প্ৰতিষ্ঠানৰ নিযুক্তি পত্ৰৰ লগতে এখন স্কুটি ৷
শ্বহীদ পৰিয়াললৈ সহায়ৰ হাত ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ - বিধায়ক ৰেকিবুদ্দিন আহমেদ
পহিলা জানুৱাৰীৰ দিনটোত দীপাঞ্জলৰ ভাতৃ দীপাংকৰ দাসক বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰদান কৰে এটি উদ্যোগ প্ৰতিষ্ঠানৰ নিযুক্তি পত্ৰৰ লগতে এখন স্কুটি ৷ উল্লেখ্য যে, শ্বহীদ গৰাকীৰ পৰিয়ালৰ খবৰ ল’বলৈ অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পিতৃ-মাতৃক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷
উল্লেখ্য যে, শ্বহীদ গৰাকীৰ পৰিয়ালৰ খবৰ ল’বলৈ অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পিতৃ-মাতৃক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ লগতে দীপাঞ্জলৰ ভাতৃ-ভগ্নীক সংস্থাপন দিয়াৰ দায়িত্ব লৈছিল ৷ উক্ত কথামতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৰিয়ালটোক দুই লাখ টকা প্ৰদান কৰে ৷ তদুপৰি ৰাহুলৰ নিৰ্দেশত বিধায়ক ৰেকিবুদ্দিন আহমেদে দীপাঞ্জলৰ পিতৃক এখন ই-ৰিক্সা প্ৰদান কৰে ৷ বুধবাৰে বিধায়কগৰাকীয়ে পলাশবাৰীৰ ব্ৰহ্মপুত্ৰ ফুডচ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ নিযুক্তি পত্ৰ প্ৰদান কৰে দীপাঞ্জলৰ ভাতৃক ৷ বিধায়ক গৰাকীৰ এই কাৰ্যত স্বাভাৱিকতে সন্তোষ প্ৰকাশ কৰিছে শ্বহীদ গৰাকীৰ পৰিয়ালে ৷
লগতে চাওকঃপহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি