গুৱাহাটী, ২১ মাৰ্চ:অসম চৰকাৰৰ কেবিনেটৰ জিলাৰ বিলুপ্তিকৰণৰ প্ৰসংগক লৈ মঙলবাৰে বিধানসভাত সৰৱ হৈ পৰে কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস (MLA reacts on Scrapping of District status)। ২০১৬ চনত গঠন কৰা দক্ষিণ কামৰূপ জিলাৰ পৰৱৰ্তী সময়ত পুনৰ জিলাৰ মৰ্যাদা কৰ্তন কৰাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে বিধায়িকা নন্দিতা দাসে । কিন্তু সদনত দিয়া উত্তৰকলৈ অসন্তুষ্টি ব্যক্ত কৰে বিধায়িকাগৰাকীয়ে (MLA Nandia Das)। এই সন্দৰ্ভত তেওঁ বিধানসভা চৌহদত সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বিধায়িকাগৰাকীয়ে কয়, ‘‘দক্ষিণ কামৰূপ জিলাখনক পূৰ্বৰ কামৰূপ জিলাৰ সৈতে একত্ৰিকৰণ কৰা হ’ল । এই জিলাখন ৰাইজৰ বিপুল দাবীত গঠন কৰা হৈছিল । বিজেপি চৰকাৰ অহাৰ পিচতে ৰাজ্যত বহু কেইখন জিলা নতুনকৈ ঘোষণা কৰা হ’ল । কিন্তু কি কাৰণত, কি যুক্তিত আৰু কি ন্যায়গত কাৰণত দক্ষিণ কামৰূপ জিলা স্থগিত কৰা হ'ল সেই উত্তৰ নাপালো ।’’
তেওঁ লগতে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে সমষ্টিৰ সংখ্যা বাঢ়িব লাগিব । উন্নয়ন যদি দ্ৰুত গতিত কৰিবলগীয়া হয় তেনে সমষ্টিৰ সংখ্যা বাঢ়িব লাগিব (Delimitation in Assam)। অন্যথা সমষ্টি একেই থাকিব আৰু সেইখিনি মানুহকেই লৈ নতুন নতুন সমষ্টি গঠন কৰিলে ৰাইজে কোনো সুফল নাপাব । তদুপৰি জনসংখ্যা বৃদ্ধিৰ বাবে অসম বিধানসভাৰ সংৰক্ষিত আসনৰ সংখ্যাও বৃদ্ধি হ’ব লাগে ।