ৰঙিয়া, 22 আগষ্ট :দেশৰ প্ৰধানমন্ত্ৰী হোৱাকলৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা মন্তব্যৰ পাছত সোমবাৰে তেওঁক উভতি ধৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita comment on MP Naba Kumar Sarania) ৷ বিধায়ক দিগন্ত কলিতাই সাংসদ নৱ কুমাৰ শৰণীয়াক কটু ভাষাৰে সমালোচনা কৰি কয় যে, প্ৰধানমন্ত্ৰী হোৱাৰ বাবে নৱ কুমাৰ শৰণীয়া লগত নাই কোনো ।
তেওঁ লগতে সাংসদগৰাকীক কটাক্ষ কৰি কয় যে, এজন সাংসদে যদি ভৱিষ্যতত প্ৰধানমন্ত্ৰী হ'ব পাৰে সেইটো নৱ কুমাৰ শৰণীয়াই জানিব তেওঁৰ হাতত কি বিৰাকূট আছে ৷ এই ফৰমেটতো নৱ কুমাৰ শৰণীয়াৰ সপোন হৈ থাকিব বুলি উল্লেখ কৰে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে । তেওঁ লগতে কয় যে, নৱ কুমাৰ শৰণীয়া উত্তৰ-পূৱৰ একমাত্ৰ সাংসদ । ভাৰতবৰ্ষত ৫৪৩ জন সাংসদ আছে । বাকী বুজাই বুজিব বুলি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই তাচ্ছিল্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াক (Diganta Kalita criticizes MP Naba Kumar Sarania) ।