বাইহাটা,২৮ অক্টোবৰ:বাইহাটা চাৰিআলিৰ কমলপুৰত বিধায়ক দিগন্ত কলিতাৰ বিস্ফোৰক মন্তব্য(MLA Diganta Kalita explosive remarks) । নগাঁও আৰু কলিয়াবৰ লোক সভা সমষ্টি কোনো কাৰনতে কংগ্ৰেছ দলৰ হাতলৈ যাব নিদিয়ে BJP য়ে । এইয়া বিজেপিৰ শপত আৰু এই শপত আখৰে আখৰে পালন কৰি দুয়োখন আসনেই কংগ্ৰেছ মুক্ত কৰিব বুলিও মত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে(MLA Diganta Kalita about general election) ।
আনফালে মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আলীক বিজেপিৰ বিধায়কতকৈ বেছি সন্মান কৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় যে অতিথি হ'ল ভগৱান(MLA Diganta Kalita about Sherman Ali controversy) । শ্বেৰমান আলীৰ ঠাইত ভূপেন বৰাও যদি মুখ্যমন্ত্ৰীৰ ঘৰলৈ যায় সিমানেই আতিথ্য পাব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই । অসমীয়া মানুহ বিলাক সহজ সৰল বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে ।
চৰকাৰে মিঞা মিউজিয়ামো বন্ধ কৰিব আৰু উন্নয়নো কৰিব: দিগন্ত কলিতা লগতে ভূপেন বৰা অসমীয়া হয় নে নহয় সেয়াও সন্দেহ থকা বুলি কটাক্ষ কৰে কলিতাই । মিঞা মিউজিয়ামৰ ক্ষেত্ৰত বিজেপি যিমান তৎপৰ ভূপেন বৰা মিঞা মিউজিয়ামৰ প্ৰতি কিয় ইমান মৰমীয়াল হ'ল বুলি কটাক্ষ কৰে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে(MLA Diganta Kalita about Miya Museum) । মুখ্যমন্ত্ৰীয়ে উন্নয়ণৰ ব্যৰ্থতা ঢাকিবৰ বাবে মিঞা মিউজিয়ামৰ বিতৰ্ক উলিওৱা বুলি বিৰোধী দলে প্ৰচাৰ চলোৱাৰ প্ৰসংগত শোধা এক প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে চৰকাৰে মিঞা মিউজিয়ামো বন্ধ কৰিব আৰু উন্নয়নো কৰিব(Miya museum controversy) ।
মুখ্যমন্ত্ৰীয়ে কৰা কাম বিলাকত তেখেতসকলৰ ঈৰ্ষা হয় বুলিও ব্যক্ত কৰে । বিধায়কগৰাকীয়ে এই সকলোবোৰ কথা ব্যক্ত কৰে কমলপুৰত চলি থকা হেঙুল থিয়েটাৰৰ মঞ্চ মুকলি অনুষ্ঠানৰ পিচতে । অকল ইমানেই নহয় বিধায়কগৰাকীয়ে থিয়েটাৰৰ গেলাৰীত বহি ৰাইজৰ লগত নাট উপভোগ কৰে । লগতে হেঙুল থিয়েটাৰক প্ৰশংসাৰে ওপচাই তোলে বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:Road accident at Raha : ৰহাত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী