অসম

assam

ETV Bharat / state

বেদখলকাৰী কৱলত আৰিমত্ত্ব গড় : পৰিদৰ্শন কৰিলে বিধায়ক ভৱেশ কলিতাই - আৰিমত্ত্ব গড়

আৰিমত্ত্ব গড় বেদখলকাৰী কৱলত পৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাচতে বৃহস্পতিবাৰে তুলসীবাৰীত উপস্থিত হয় ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা ৷ বিধায়ক কলিতাই গড়টো পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ৷

mla bhabesh kolita visited arimatta garh
বেদখলকাৰী কৱলত আৰিমত্ত্ব গড়

By

Published : Jun 17, 2021, 10:32 PM IST

ৰঙিয়া, 17 জুন : ৰঙিয়া ঐতিহাসিক আৰিমত্ত্ব গড় বেদখলকাৰী কৱলত পৰা খবৰ প্ৰকাশ পোৱা পাচতে আজি তুলসীবাৰীত উপস্থিত হয় ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা ৷ বিধায়ক কলিতাই গড়টো পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ৷

অভিযোগ অনুসৰি আৰিমত্ত্ব গড়টোৰ 6 ফুট বহল আৰু 70 মিটাৰ দৈঘ্যৰ এটা অংশত কাটি পথ নিৰ্মাণ কৰিছিল কোনো সন্দেহজনক লোকে ৷ এই সন্দৰ্ভত ইতিমধ্যে তুলসীহাৰী গাওঁবুঢ়াই তুলসীবাৰী আক্ষীৰ চকীত এখন এজাহাৰও দাখিল কৰিছিল ৷

বেদখলকাৰী কৱলত আৰিমত্ত্ব গড়

এই বিষয়ত বিতংভাৱে জানিবলৈয়ে আজি দলীয় কৰ্মীৰ সৈতে আৰিমত্ত্ব গড়ত উপস্থিত হৈ চৰজমিন তদন্ত কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । বিধায়ক ভৱেশ কলিতাৰ সৈতে উপস্থিত থাকে ৰঙিয়াৰ মহকুমাধিপতী স্বপ্নীল পাল আৰু লাটমণ্ডল ৷

পৰিদৰ্শন কালতে সাংবাদিকৰ আগত গড়টোত থকা গছ-গছনি কাটি তহিলং কৰা বুলি উল্লেখ কৰি আগন্তুক দিনত গড়টোত জৰীপ চলাই অবৈধ দখলকাৰীক উচ্ছেদ কৰা হব বুলি আশ্বাস দিয়ে বিধায়ক গৰাকীয়ে । তেওঁ কয়, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ ঐতিহাসিক আৰিমত্ত্ব গড়ৰ ওপৰত এইদৰে অত্যাচাৰ চলোৱা কোনো লোকেই সাৰি যাব নোৱাৰে বুলি কয় বিধায়ক ভৱেশ কলিতাই ৷

লগতে পঢ়ক: ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details