অসম

assam

ETV Bharat / state

ৰঙিয়াত এম্বুলেঞ্চ প্ৰদান কৰিলে বিধায়ক ভৱেশ কলিতাই - ক'ভিড

ৰঙিয়াৰ আদৰ্শ চিকিৎসালয় (Rangiya model Hospital) কৰ্তৃপক্ষক মঙলবাৰে এখন এম্বুলেঞ্চ প্ৰদান কৰে স্থানীয় বিধায়ক ভৱেশ কলিতা (Bhabesh Kalita)ই ৷ ক'ভিড (Covid 19) পৰিস্থিতিত চিকিৎসাৰ ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে এম্বুলেঞ্চখন প্ৰদান কৰিছে বুলি মন্তব্য কৰে ভৱেশ কলিতা (Bhabesh Kalita)ই ৷

MLA Bhabesh Kalita handed over an ambulance in Rangia.
ৰঙিয়াত এখন এম্বুলেঞ্চ প্ৰদান কৰিলে বিধায়ক ভবেশ কলিতাই

By

Published : Jun 15, 2021, 5:12 PM IST

ৰঙিয়া, 15 জুন : ক'ভিড (Covid 19) পৰিস্থিতিত চিকিৎসা ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে মঙলবাৰে ৰঙিয়া আদৰ্শ চিকিৎসালয় (Rangiya model Hospital) কৰ্তৃপক্ষক প্ৰদান কৰে এখন এম্বুলেঞ্চ ৷ বিধায়ক পুঁজিৰ ধনেৰে বিধায়ক গৰাকীয়ে প্ৰদান কৰে এই এম্বুলেঞ্চখন ৷

ৰঙিয়া আদৰ্শ চিকিৎসালয় (Rangiya model Hospital)ৰ চৌহদত মঙলবাৰে আয়োজন কৰা এক অনুস্থানত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা (Bhabesh Kalita) ৷ চিকিৎসালয় খনৰ চিকিৎসাধীন হৈ থকা ক'ভিড (Covid 19) ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয় খনৰ সামগ্ৰীক দিশৰ ওপৰত আলোচনা কৰে বিধায়গৰাকীয়ে ৷ ইফালে ক'ভিড (Covid 19) পৰিস্থিতিত সহায়ক হোৱাকৈ বিধায়ক পুঁজিৰ ধনৰে ৰঙিয়াৰ আদৰ্শ চিকিৎসালয় (Rangiya model Hospital)ৰ অধীক্ষক নবনীতা বৰাৰ হাতত অৰ্পণ কৰে এখন এম্বুলেঞ্চ ।

ৰঙিয়াত এখন এম্বুলেঞ্চ প্ৰদান কৰিলে বিধায়ক ভবেশ কলিতাই

বিধায়কগৰাকীৰ পূৰ্বৰ কাৰ্য‍কালত অন‍্য আঁচনিৰ বাবে আৱন্টিত ধন কৰ্তন কৰি এই এম্বুলেঞ্চ সেৱা ৰাইজৰ বাবে মুকলি কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ভৱেশ কলিতা (Bhabesh Kalita)ই ৷ লগতে বিধায়ক গৰাকীয়ে কয় যে, ক'ভিড (Covid 19) পৰিৱেশত বৰ্তমান জৰুৰী চিকিৎসাৰ সেৱাৰ বাবে ৰাইজক এখন এম্বুলেঞ্চৰ অতিকৈ প্ৰয়োজন । ক'ভিড (Covid 19) ৰোগ প্ৰতিৰোধ হোৱাৰ পিছত মন্দিৰ-মছজিদ পিছে পৰেও নিৰ্মাণ কৰিব পৰা যাব ৷

হাস্পতাল কৰ্তৃপক্ষক প্ৰদান কৰা এম্বুলেঞ্চখন যদি ভালদৰে ৰাখে তেনেহ'লে অদূৰ ভৱিষ্যতে ৰাইজে স্বাস্থ্য খণ্ডত যথেষ্ট সকাহ লাভ কৰিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে বিধায়ক ভৱেশ কলিতা (Bhabesh Kalita)ই। বৰ্তমান ক'ভিড (Covid 19) পৰিস্থিতি কিছু সাম কাটিছে যদিও চৰকাৰে জাৰি কৰা ক'ভিড প্ৰটকলবো (Covid protocol) মানি চলিবলৈ ৰাইজক আহ্বান জনাইছে বিধায়কগৰাকীয়ে ৷ ইয়াৰ পূৰ্বেও বানপানী তথা কন্টেইমেন্ট জনত থকা জিলাখনৰ বহু লোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি আৰ্থিকভাৱেও সহায় কৰিছে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক-কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details