ৰঙিয়া, 1 জুলাই :‘‘ৰঙিয়াৰ বগৰীবাৰীত কিয় বাৰে বাৰে মথাউৰি ছিগে ? চৰকাৰে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰে এই মথাউৰিসমূহ ৷ যাৰ বাবে বাৰে বাৰে দুৰ্ভোগ ভুগি আহিছে ৰঙিয়াবাসীয়ে ৷ সেয়ে ৰঙিয়াৰ বানাক্ৰান্তক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ লগতে বানত বিধ্বস্ত হোৱা কৃষি ভূমিৰগৰাকীক তিনিবছৰলৈ বান সাহাৰ্য প্ৰদান কৰিব লাগে’’ ৷ শুকুৰবাৰে বান বিধ্বস্ত ৰঙিয়াৰ বগৰীবাৰীত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷
উল্লেখ্য যে, ৰঙিয়াৰ বগৰীবাৰীত শুক্ৰবাৰে উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil Gogoi at Rangia) । বগৰীবাৰীত উপস্থিত হৈ বান পৰিস্থিতি বুজ লয় বিধায়ক গগৈয়ে (MLA Akhil Gogoi visited flood effected area of Rangia)। লগতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বানাক্ৰান্তৰ শিবিৰসমূহো পৰিদৰ্শন কৰি বন্যাৰ্তৰ সমস্যাসমূহৰ বিষয়ে বুজ লোৱা পৰিলক্ষিত হয় ।