নলবাৰী, 12 অক্টোবৰ :প্ৰায় দুসপ্তাহ পূৰ্বে সন্ধানহীন হৈছিল কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এগৰাকী Laboratory Technician অংকুমণি বৰুৱা ৷ বিহদিয়াৰ মাতৃগৃহৰ পৰা ৰঙিয়াৰ উদিয়ানাৰ স্বামী গৃহলৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈ পৰিছিল মহিলাগৰাকী । মহিলা গৰাকী নিখোজ হোৱাৰ পিছত ৰঙিয়া আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল স্বামী কৈলাশ কলিতাই ।
নিখোজ হোৱা মাতৃক বিচাৰি হাবাথুৰি খাই থকা পৰিয়ালটোৰ কণমানি কন্যাই আহ্বান জনাইছিল, '' মা য’তেই আছা সোনকালে ঘৰলৈ আহা '' ৷ কিন্তু, যি হেৰাল, ঘূৰি নাহিল অংকুমনি ৷ অৱশেষত উদ্ধাৰ হ’ল, 29 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা অংকুমনিৰ মৃতদেহ ৷ এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষী থানাই দেওবাৰে নিশা এই ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰৰ জগদীশ দাস, চন্দন দাস আৰু সঞ্জিৎ কলিতা নামৰ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ।