অসম

assam

বকোৰ লাম্পীত পৰ্যটকৰ আৱাসগৃহৰ আধাৰশিলা ভাঙিলে অচিনাক্ত দুৰ্বৃত্তই

পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু বকোত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে লৈছে বিভিন্ন পদক্ষেপ(Government takes steps to upgrade Lampi tourism sector) । উন্নয়ণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ২৫ মে' বুধবাৰে লোৱাৰ লাম্পীত এটা পৰ্যটকৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু নিশাই একাংশ মেঘালয় সমৰ্থনকাৰী খাচী দুৰ্বৃত্তই ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে আধাৰশিলাটো(Miscreants demolish tourist accommodation foundation stone) ।

By

Published : May 28, 2022, 1:52 PM IST

Published : May 28, 2022, 1:52 PM IST

miscreants break foundation stone of tourist accommodation in boko
বকোৰ লাম্পীত পৰ্যটকৰ আৱাস গৃহৰ আধাৰশিলা ভাঙিলে অচিনাক্ত দুৰ্বৃত্তই

বকো, ২৮ মে':অসম মেঘালয় সীমান্তৱৰ্তী পাহাৰীয়া ভূখণ্ডত থকা বকোৰ চিৰসেউজ লাম্পীৰ প্ৰাকৃতিক সৌন্দৰ্য্যই হাত বাউল দি মাতে পৰ্যটকসকলক । ৰাজ্য চৰকাৰেও চিৰসেউজ লাম্পীক অসমৰ এখন অন্যতম পৰ্যটনস্থলী হিচাবে গঢ় দিয়াৰ বাবে চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত মনোনিবেশ কৰিছে । সেয়েহে লাম্পীৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈছে(Government takes steps to upgrade Lampi tourism sector) ।

বকোৰ চিৰসেউজ লাম্পীক পৰ্যটনস্থলী হিচাবে গঢ় দিয়াৰ ক্ষেত্ৰত আৰু এখোজ আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে যোৱা‌ ২৫ মে' বুধবাৰে লোৱাৰ লাম্পীত এটা পৰ্যটকৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰা হৈছিল । আধাৰশিলা স্থাপন কৰিছিল কামৰূপ জিলাৰ উপায়ুক্ত কৰা কৈলাশ কাৰ্তিক এনে ।

কিন্তু ৰাজ্যিক সীমান্তত সীমান্ত উন্নয়নৰ কাম কাজত বাৰ্ষিক কাৰ্য পৰিকল্পনা ২০২০/২১ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰিব লোৱা পৰ্যটকৰ আৱাসগৃহৰ আধাৰশিলা নিশা একাংশ মেঘালয় সমৰ্থনকাৰী খাচী দুৰ্বৃত্তই ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে(Miscreants demolish tourist accommodation foundation stone) । ইয়াকে লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

ঘটনা সন্দৰ্ভত আজি লাম্পী গাঁওৰক্ষী বাহিনী আৰু লাম্পীবাসী ৰাইজে লাম্পী আৰক্ষী চকীৰ উচিত তদন্তৰ বাবে এজাহাৰ দাখিল কৰিছে । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীয়ে অসমৰ চাৰকাৰু অনুষ্ঠান-প্ৰতিষ্ঠানত অনিষ্ট সাধন কৰা মেঘালয় সমৰ্থনকাৰী খাচী দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শান্তি বিহাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

বকোৰ লাম্পীত পৰ্যটকৰ আৱাস গৃহৰ আধাৰশিলা ভাঙিলে অচিনাক্ত দুৰ্বৃত্তই

মনকৰিবলগীয়া যে,বকোৰ চিৰসেউজ লাম্পীত বসবাস কৰা একাংশ মেঘালয় সমৰ্থনকাৰী খাচী দুৰ্বৃত্তই দীৰ্ঘদিন ধৰি অসমৰ বকোৰ চিৰসেউজ লাম্পীত থকা অসমৰ অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ অনিষ্ট সাধন কৰি আহিছে । অসমৰ বায়ু পানী সেৱন কৰাৰ পাছতো এই দুৰ্বৃত্তসকলে লাম্পীৰ গোৰ্খা সম্প্ৰদায় লোকৰ ওপৰত শাৰিৰীক-মানসিক আতিশয্য চলাই আহিছে ।

উল্লেখযোগ্য যে, অসম মেঘালয় সীমান্তৱৰ্তী ১২টা বিবাদমান অঞ্চলৰ দ্বিতীয় পৰ্যায়ত সীমা সমস্যা সমাধানৰ তালিকাত চিৰসেউজ লাম্পীৰ সন্নিবিষ্ট হৈ আছে । দীৰ্ঘদিন ধৰি লাম্পীত চলি আহিছে সীমা কেন্দ্ৰিক বিবাদ । স্থানীয়লোকৰ অভিযোগ অনুসৰি একাংশ মেঘালয় সমৰ্থিত খাচি লোকে চিৰসেউজ লাম্পীত সময়ে সময়ে সংঘটিত কৰি আহিছে এনে ধৰণৰ কু-চক্ৰান্ত ৷

অৱশ্যে মেঘালয় বৰঘৰৰ আশিষ থকা এইসকল দুৰ্বৃত্তক অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰা হৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ সোপাধিলা নীতিৰ বাবে সীমান্তৰ পৰা অসমৰ প্ৰায় ১০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি মেঘালয়ে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি ৰূপায়ন কৰিছে । চিৰসেউজ লাম্পীখন যাতে অসমৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে তাৰ বাবে মেঘালয়ে চল চাতুৰী অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক:পি পি ই কিটৰ ৰহস্যঃ চি বি আই তদন্ত দাবী বিৰোধী দলপতিৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details