ৰঙিয়া,25 মে’:ৰঙিয়াৰ খন্দিকৰত দুৰ্বৃত্তৰ তাণ্ডৱ । খন্দিকৰ গাঁৱত এগৰাকী শিক্ষকে আঢ়ৈ বিঘা মাটিত তামোল, কল, ভিন্ন সোৱাদৰ টেঙাকে ধৰি বহু ঔষধিযুক্ত গছপুলি ৰোপণ কৰিছিল । কিন্তু নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই এফালৰ পৰা গছসমূহ কাটি তহিলং কৰে । এই ঘটনাই সমগ্ৰ খন্দিকৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ - FIR file at kaurbaha police station
ৰঙিয়াৰ খন্দিকৰ গাঁৱত নিশা অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই গছ কাটি তহিলং কৰে ৷
![অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ ৰঙিয়াৰ খন্দিকৰত অন্ধকাৰৰ সুযোগ লৈ গছ কাটি টহিলং কৰিলে দুৰ্বৃত্তই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11887933-10-11887933-1621916274422.jpg)
miscreant cut trees at rangia
অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ
ঘটনা সন্দৰ্ভত ভূক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে আৰু কাউৰবাহা থানাত এখন এজাহাৰ দাখিল কৰে । কিন্তু কোনে কি কাৰণত এনেদৰে গছ-গছনিসমূহ কাটি তহিলং কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: চাপৰ আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী