বকো,5 মে’:কামৰূপৰ পলাশবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পলাশবাৰীৰ সৰপাৰাত সংঘটিত উক্ত দুৰ্ঘটনাত AS 01 JC 8879 নম্বৰৰ এখন যাত্ৰীবাহী আল্ট্ৰা বাছে এগৰাকী চাইকেল আৰোহীক পিছফালৰ পৰা খুন্দা মৰাত থিতাতে নিহত হয় ৷ উক্ত দুৰ্ঘটনাত নিহত লোকগৰাকী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বিশ্ব বসু বৈশ্য হিচাপে চিনাক্ত কৰা হৈছে ৷
পথ দুৰ্ঘটনাত নিহত প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বিশ্ব বসু বৈশ্য - চাইকেল আৰোহী নিহত
পলাশবাৰীৰ সৰপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছে প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বিশ্ব বসু বৈশ্য ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে চাইকেলেৰে ঘৰ অভিমুখে গৈ থকা শিল্পীগৰাকীক এখন যাত্ৰীবাহী আল্ট্ৰা বাছে খুন্দিওৱাত থিতাতে মৃত্যু ঘটে ৷
![পথ দুৰ্ঘটনাত নিহত প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বিশ্ব বসু বৈশ্য mirza-road-accident-one-dead](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11651382-thumbnail-3x2-mirza.jpg)
পথ দুৰ্ঘটনাত নিহত প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বিশ্ব বসু বৈশ্য
শিল্পীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে চাইকেলেৰে নিজ ঘৰ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো ৷ এই ঘটনাই সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক: ৰাজ্যৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা