ৰঙিয়া, 28 ছেপ্টেম্বৰ : ‘‘চোৰ ঐ চোৰ ৷ ধৰ ঐ ধৰ ৷’’ সমাগত দুৰ্গা পূজা (Durga Puja 2022) ৷ পূজাৰ প্ৰাকক্ষণত চোৰৰ উদ্ভণ্ডালি ৷ চুৰি কৰিবলৈ গৈ এইবাৰ ৰাইজৰ ৰোষত পৰিল এজন নাবালক (Thief detain at Rangia)৷
ঘটনাৰ স্থান ৰঙিয়া ৷ চাইকেল চুৰি কৰা অৱস্থাতে হাতে-লোটে আটক হয় এজন নাবালক (Minor bicycle thief detain at Rangia) ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কোনোৱে যদি নাবালক চোৰটোক দিছে পূৰ্ণহতীয়া চৰ ৷ আন কোনোৱে আকৌ দিছে ভুকু ৷
চুৰি কৰিবলৈ গৈ বিলাই নাইকীয়া হ’ল কমলপুৰৰ পুঠিমাৰীৰ নাবালক চোৰটোৰ ৷
জানিব পৰা মতে, সোমবাৰে ৰঙিয়া নগৰৰ নুৰুদ্দিন পথৰ বজাৰ ইণ্ডিয়াৰ সমীপৰ পৰা আটকাধীন চোৰটোৱে এগৰাকীৰ ছাত্ৰীৰ চাইকেল চুৰি কৰিছিল ৷ চাইকেলখন বিচাৰি নোপোৱাত শোকত ভাগি পৰে ছাত্ৰীগৰাকী ৷ সেয়ে ছাত্ৰীগৰাকীৰ ঘৰৰ মানুহে চোৰটোক কাৰায়ত্ত কৰিবৰ উক্ত স্থানত মঙলবাৰে নিশা খাপপিটি ৰৈ আছিল ৷
কিন্তু সোমবাৰৰ দৰে মঙলবাৰে দশা ভাল নাছিল চাইকেল চোৰটোৰ ৷ সোমবাৰৰ দৰে মঙলবাৰে সন্ধিয়া ৰঙিয়া নগৰৰ নুৰুদ্দিন পথৰ বজাৰ ইণ্ডিয়াৰ সমীপতে থকা আন এগৰাকী ছাত্ৰীৰ চাইকেল কৰিবলৈ গৈছিল আটকাধীন চোৰটোৱে ৷ কিন্তু চাইকেল চুৰি কৰিবলৈ উদ্যত হওঁতেই পূৰ্বৰ পৰা চোৰক ধৰিবলৈ খাপ পিটি ৰৈ থকা লোকে হাতে-লোটে আটক কৰে নাবালক চোৰটোক ৷ তাৰ পাচতে একাংশ উত্তেজিত লোকে নাবালক চোৰটোক দিয়ে লপাথপা ৷
ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আটক কৰে নাবালক চাইকেল চোৰটোক ৷ তথ্য অনুসৰি, আৰক্ষীয়ে কমলপুৰৰ পুঠিমাৰীৰ নাবালক চোৰটোক আটক কৰি নিশাই লৈ যায় থানালৈ ৷
আনহাতে, একাংশ লোকে অভিযোগ কৰা অনুসৰি, আটকাধীন চোৰটোৱে দীৰ্ঘদিন ধৰি ৰঙিয়াৰ ভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰি আছিল ৷ বৰ্তমান চোৰটো আটক হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক :জোনাই তৰাজানত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ