গুৱাহাটী, 18 আগষ্টঃ ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাচতেই খহনীয়াই আনিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ভাবুকি ৷ মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ ওপৰত ৰিঙবান্ধ চিগি যোৱাৰ ফলতেই বুৰ গৈছিল এটা বৃহত্তৰ অঞ্চল । ফলত অঞ্চলটোৰ গাতে লাগি আছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈও আহিছিল তীব্ৰ ভাবুকি । কিন্তু স্থানীয় লোক আৰু প্ৰশাসনৰ তৎপৰতাত বস্তাৰে পানীৰ গতি কিছু ৰোধ কৰিবলৈ সক্ষম হৈছিল । দেওবাৰে এই ৰিঙবান্ধতো পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই ।
বৰঝাৰ বিমানবন্দৰলৈ আহিব পাৰে ভাবুকি ! মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ - বৰঝাৰ বিমানবন্দৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহিব পাৰে ভাবুকি । জলসম্পদ মন্ত্ৰীৰ নিৰীক্ষণ পশ্চিম গুৱাহাটী সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ মাথউৰি । অতি কম সময়তে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ ৷
![বৰঝাৰ বিমানবন্দৰলৈ আহিব পাৰে ভাবুকি ! মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4167901-1026-4167901-1566113487303.jpg)
আনহাতে মহানগৰীৰ খানাজানতো 1 কোটি 73 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা গাৰ্ড ৱালৰ কাম নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচত গাৰ্ড ৱালৰ কামো পৰিদৰ্শন কৰি পুনৰ এক অনুমোদন দিব বুলি জনায় মন্ত্ৰী কেশৱ মহন্তই । লগতে ধাৰাপুৰ, কেন্দুকুছি, মাজিৰগাঁও, ভট্টাপাৰাত বানৰ বিভীষিকাৰ পাচত মথাউৰিৰ গৰাখহনীয়া পৰিদৰ্শন কৰি অতিশীঘ্ৰে মথাউৰি মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । বৰঝাৰ বিমানবন্দৰৰ সুৰক্ষাৰ স্বাৰ্থতে অতিশীঘ্ৰে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰাৰ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷