অসম

assam

ETV Bharat / state

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুভাৰম্ভ কৰিলে কামৰূপ জিলা জল জীৱন মিছন - Kamrup District Jal Jeevan Misan

শনিবাৰে কামৰূপ জিলাৰ কমলপুৰত কেন্দ্ৰীয়ভাৱে জিলাখনৰ জল জীৱন মিছনৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ফলত জিলাখনৰ মুঠ 13,367 টা পৰিয়ালে নল যোগে লাভ কৰিলে বিশুদ্ধ খোৱা পানী ৷

minister-ranjit-kumar-das-launched-kamrup-district-jal-jeevan-misan
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুভাৰম্ভ কৰিলে কামৰূপ জিলা জল জীৱন মিছন

By

Published : Jul 31, 2021, 10:45 PM IST

গুৱাহাটী, 31 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে শনিবাৰে কামৰূপ জিলাৰ কমলপুৰত কেন্দ্ৰীয়ভাৱে জিলাখনৰ জল জীৱন মিছনৰ শুভাৰম্ভ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইয়াৰ লগে লগে জিলাখনৰ মুঠ 13,367 টা পৰিয়ালে নলযোগে লাভ কৰিলে বিশুদ্ধ খোৱা পানী ৷ কমলপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ দালাং গাঁৱত মন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি এই মিছনৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে, অসমত এই মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 26 হাজাৰ কোটি টকা মুকলি কৰি দিছে ৷ শনিবাৰে একেলগে কামৰূপ জিলাৰ মুঠ 17 টা পানী যোগান আঁচনি মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুভাৰম্ভ কৰিলে কামৰূপ জিলা জল জীৱন মিছন

চৰকাৰী তথ্য মতে, 2019 চনৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোনৰ আঁচনিখনৰ জড়িয়তে 2024 চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব ৷ মিছনৰ শুভাৰম্ভণি কৰি কৰি এই নিজৰ ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ লগতে আঁচনিখন সফল ৰূপ দিয়াৰ ক্ষেত্ৰত স্থানীয় লোকৰ সহযোগিতা বিচাৰে মন্ত্ৰীগৰাকীয়ে ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভাৰম্ভ কৰা জলজীৱন মিছনৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱা পানী সেৱন কৰি মাৰাত্মক বেমাৰ কৰ্কট ৰোগ আদিৰ পৰা মুক্ত হৈ থাকিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

উল্লেখ্য যে, উক্ত অনুষ্ঠানৰ আদৰণি ভাষন দিয়ে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে । এতিয়াৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতি থকা নেতিবাচক ধাৰণা পৰিহাৰ কৰিবলৈ সকলোকে আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে ৷

জিলা উপায়ুক্ত গৰাকীৰ উপৰিও অনুষ্ঠানত কমলপুৰ আৰু হাজো বিধানসভা সমষ্টিৰ বিধায়কদ্বয় যথাক্ৰমে দিগন্ত কলিতা আৰু সুমন হৰিপ্ৰিয়া উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা অধীক্ষক অভিযন্তা দিগন্ত বৰুৱা,কাৰ্যবাহী অভিযন্তা পৰাগমণি বৰা, সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰকাশ হালৈ, কণিষ্ঠ অভিযন্তা মোস্তাক হুছেইন আদি ভালে কেইগৰাকী অভিযন্তা-কৰ্মচাৰী উপস্থিত থাকে ৷ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দালাং আঁচনিখন পৰিচালনা কৰাৰ বাবে বোৰ্কা-সাতগাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা কলিতাৰ হাতত আনুষ্ঠানিক পত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়কঃটিংখাং-দুলীয়াজানৰ সংযোগকাৰী হিচাপে পৰিচিত টুলুঙা নাও

ABOUT THE AUTHOR

...view details