হাজো, 26 মেঃ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত মঙলবাৰে হাজোৰ পুঠিমাৰী নৈ গৰাখহনীয়া তদাৰক কৰাৰ উদ্দেশ্যে উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে নৈখনৰ গৰাখহনীয় পৰ্যবেক্ষণ কৰি সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
মন্ত্ৰীগৰাকীয়ে নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে 69 কোটি 80 লাখ টকামোকলাই দিয়া বুলি সদৰি কৰে ৷ উক্ত কামৰ বাবে ঠিকাদাৰে টেণ্ডাৰ লাভ কৰি ইতিমধ্যে উক্ত মথাউৰিটোত পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে বুলি সদৰী কৰে ৷
হোজোত পুঠিমাৰী নৈৰ গৰাখহনীয়া পৰ্যবেক্ষণ মন্ত্ৰী কেশৱ মহন্তৰ বাৰিষা যাতে উক্ত অঞ্চলত বানপানী হ'ব নোৱাৰে তাৰ বাবে চৰকাৰ তথা জলসম্পদ বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগৰ দ্বাৰা প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে ৷ অৱশ্যে পৰীক্ষাৰ অন্তত ব্যৱহাৰৰ উপযোগী হ'লেহে ইয়াক অনুমতি প্ৰদান কৰা হ'ব ৷ মন্ত্ৰীগৰাকীৰ সৈতে জিলা উপায়ুক্তৰ লগতে বিভাগীয় শীৰ্ষবিষয়া সকলো উপস্থিত থাকে ৷ তাৰোপৰি মথাউৰিটো পুনৰ মেৰামতিত যাতে কোনো আঁসোৱাহ থাকিব নোৱাৰে তাৰ বাবে ভাল কৈ নিৰীক্ষণ কৰিবলৈ উপায়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক-পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত হাহাকাৰ