বাইহাটা, 16 জুনঃ শ্বহীদ সুনীল কলিতাৰ কমলপুৰৰ পালাৰাৰ বাসগৃহত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা ৷ শ্বহীদ গৰাকীৰ পৰিয়ালক সমবেদনা জনায় আবেগিক হৈ পৰিল মন্ত্ৰী কলিতা ৷ কেমেৰাৰ সন্মুখতে উচুপি উঠিল মন্ত্ৰী গৰাকী ৷ শ্বহীদ সুনীল কলিতাৰ কনিষ্ঠ ভাতৃ তথা চি আৰ পি এফ জোৱান জিন্টু কলিতাক গৃহভূমিলৈ বদলি কৰাৰ লগতে শ্বহীদ গৰাকীৰ পত্নী পদুমী কলিতাক অসম চৰকাৰৰ তৰফৰ পৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই । উল্লেখ্য যে, মন্ত্ৰী গৰাকীৰ লগত শ্বহীদ সুনীল কলিতাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায় প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্য ৷
শ্বহীদ সুনীল কলিতাৰ বাসগৃহত উচুপি উঠিল মন্ত্ৰী ভৱেশ কলিতা - etv bharat assam
কেমেৰাৰ সন্মুখতে উচুপি উঠিল মন্ত্ৰীগৰাকী ৷ শ্বহীদ সুনীল কলিতাৰ কনিষ্ঠ ভাতৃ তথা চি আৰ পি এফ জোৱান জিন্টু কলিতাক গৃহভূমিলৈ বদলি কৰাৰ লগতে শ্বহীদ গৰাকীৰ পত্নী পদুমী কলিতাক অসম চৰকাৰৰ তৰফৰ পৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই ৷
শ্বহীদ সুনীল কলিতাৰ বাসগৃহত উচুপি উঠিল মন্ত্ৰী ভবেশ কলিতা
আনহাতে, শ্বহীদৰ পত্নী হিচাপে গৌৰৱ অনুভৱ কৰিলে পত্নী পদুমী কলিতাই । এগৰাকী বীৰ জোৱানৰ পত্নী হিচাপে গৌৰৱ বোধ কৰি স্বামীৰ সপোন পূৰ্ণ নোহোৱা বাবে ব্যথিত হৈ পৰে পত্নী গৰাকী । শ্বহীদ সুনীল কলিতাৰ সপোন আছিল নিজ সন্তানক সেনাবাহিনীৰ মেজৰ হিচাপে গঢ়ি তোলাৰ । কিন্তু এই সপোন পূৰ্ণ নোহোৱাত শোকত ভাগি পৰিছে পদুমী কলিতা ।