বাইহাটা,17মে'ঃ কৃষক হ'লে মন্ত্ৰীৰ মাতৃ পিতৃও লাভ কৰিব পাৰে কৃষক সন্মান নিধিৰ ধন । কিন্তু অকৃষকে কৃষক সন্মান নিধিৰ ধন গ্ৰহণ কৰি যদি ধন উভতাই নিদিয়ে তেনে লোকক ৰেহাই দিয়া নহ'ব। আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত মধুকুছিত উপস্থিত হৈ এই মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই । মধুকুছিত কাঠফুলা ফাৰ্ম পৰিদৰ্শন কৃষি মন্ত্ৰী অতুল বৰাই কৃষক সন্মান নিধিৰ ক্ষেত্ৰত সাংবাদিকৰ আগত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে । মন্ত্ৰী গৰাকীয়ে লগতে আত্মনিৰ্ভৰশীল ভাৰত পেকেজৰ ধন ৰাজ্যৰ কৃষি খণ্ডই লাভ কৰিলে ৰাজ্যৰ কৃষি খণ্ডৰ চেহেৰাই সলনি হৈ যাব বুলিও মন্তব্য কৰে ।ইপিনে কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বহিঃৰাজ্যৰ পৰা অহা লোক সকলে কৃষি খণ্ডত মনোনিৱেশ কৰা উচিত বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । মন্ত্ৰী গৰাকীয়ে বহিঃৰাজ্যৰ পৰা অহা সকলো লোককে নিযুক্তি দিয়া বা নিয়োগ কৰা সম্ভৱ নহয় যদিও কৃষি খণ্ডৰ যোগেদি এই লোক সকলে স্বাৱলম্বী হোৱাৰ সুন্দৰ সুযোগ আহি পৰিছে বুলি মত প্ৰকাশ কৰে । ইপিনে মধুকুছিৰ কাঠফুলাৰ উদ্যমী কৃষক হেমন্ত কলিতা ৰাজ্যৰ শিক্ষিত যুৱ চামৰ বাবে আদৰ্শ বুলি অভিহিত কৰি মন্ত্ৰী গৰাকীয়ে উদ্যমী কৃষক গৰাকীক কৃষি বিভাগৰ জৰিয়তে এক বিশেষ সুবিধা প্ৰদান কৰা হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে কৃষি মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত সংগ দিয়ে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই ।
অকৃষকে কৃষক সন্মান নিধিৰ ধন উভতাই নিদিলে ৰেহাই দিয়া নহ'বঃঅতুল বৰা - কৃষক সন্মান নিধি
আত্মনিৰ্ভৰশীল ভাৰত পেকেজৰ ধন ৰাজ্যৰ কৃষি খণ্ডই লাভ কৰিলে ৰাজ্যৰ কৃষি খণ্ডৰ চেহেৰাই সলনি হৈ যাবঃকৃষিমন্ত্ৰী অতুল বৰা
অকৃষকে কৃষক সন্মান নিধিৰ ধন উভতাই নিদিলে ৰেহাই দিয়া নহ'বঃঅতুল বৰা