ৰঙিয়া, 24 নৱেম্বৰ : বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠক (Bangaigaon Assam Cabinet meeting)ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মঙলবাৰে ৰঙিয়াত উপস্থিত হয় অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora visits Rangia) ৷ মন্ত্ৰীগৰাকীয়ে ৰঙিয়াত বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰিদৰ্শন কৰে ৷ ইয়াৰ পাছতেই জিলাখনৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী ।
ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায় । বিজেপি কাৰ্যালয়ত দুয়োটা দলৰে কৰ্মীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে ভৱেশ কলিতাৰ সৈতে মন্ত্ৰীগৰাকীয়ে ৰঙিয়া আদৰ্শ চিকিৎসালয় (Rangiya Model Hospital) পৰিদৰ্শন কৰে । চিকিৎসালয়খনৰ নিৰ্মীয়মান আই চি ইউ কক্ষ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।