অসম

assam

ETV Bharat / state

বৰ্হিঃৰাজ্যত নহয় অসমতে প্ৰস্তুত হ’ব মিনাৰেল ৱাটাৰ

আপোনালোক মিনাৰেল ৱাটাৰ দেখিছে ৷ আপোনালোকে প্ৰয়োজন অনুসৰি মিনাৰেল ৱাটাৰ ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু এতিয়া মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীতে প্ৰস্তুত হ’ব বিশুদ্ধ খোৱাপানী অথবা মিনাৰেল ৱাটাৰ ৷

By

Published : Jun 28, 2019, 5:15 PM IST

অসমতে প্ৰস্তুত হ’ব মিনাৰেল ৱাটাৰ

ৰাণী, 28 জুনঃমহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত স্থাপন কৰা হৈছে হাইড্ৰপইণ্ট ইকো টেকনলজি নামেৰে এটা উদ্যোগ ৷ বিশিষ্ট ব্যৱসায়ী দেৱৰাজ দে, অনিল শৰ্মা আৰু স্থানীয় উদ্যমী যুৱ ব্যৱসায়ী নাৰায়ণ প্ৰসাদৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠে এই উদ্যোগটি । দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত শুক্ৰবাৰে মাংগলিক কাৰ্যসূচীৰে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শুভাৰম্ভণি কৰে এই উদ্যোগৰ ।

অসমতে প্ৰস্তুত হ’ব মিনাৰেল ৱাটাৰ

এই উদ্যোগটোৰ নিৰ্মাণকাৰ্যত ব্যয় কৰা হৈছে প্ৰায় এক কোটি টকা। এই উদ্যোগটোৱে ৰাণী অঞ্চলটোৰ লগতে ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতী সকলৰ সংস্থাপনৰ ক্ষেত্ৰতও এক আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে এই উদ্বোধনী কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে অগপ নেতা পৰেশ বৰুৱা,প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰবিন দৈমাৰী,আঞ্চলিক পঞ্চায়তৰ পৰমেশ্বৰ বৰ্মন,স্থানীয় বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details