অসম

assam

ETV Bharat / state

'মাইলচ ব্ৰনছন' বিদ্যালয়ৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ - মাইলচ ব্ৰঞ্চচন

'মাইলচ ব্ৰনছন' বিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মাতৃৰ, পুত্ৰক প্ৰতিদিনে ৰেগিং কৰাৰ অভিযোগ মাতৃৰ

মাইলচ ব্ৰঞ্চচন বিদ্যালয়ৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ

By

Published : Jun 20, 2019, 7:06 PM IST

গুৱাহাটী,২০জুন : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চলিছে ৰেগিং । এই অভিযোগ এগৰাকী মাতৃৰ । পুত্ৰক বিদ্যালয়ৰ পৰা নিবলৈ আহি অসহায় হৈ পৰিল মাতৃ ।

মাইলচ ব্ৰঞ্চচন বিদ্যালয়ৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ


বৰঝাৰস্থিত 'মাইলচ ব্ৰনছন' বিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মাতৃৰ । এই বিদ্যালয়খনত ৯ জুনৰ দিনা কৰণ বড়ো নামৰ এজন ছাত্ৰক শিক্ষাগ্ৰহণৰ বাবে থৈ আহিছিল মাতৃ মধুমিতা ৰাভাই । কিন্তু বিদ্যালয়খনত যোৱা দিনাৰ পৰাই প্ৰতিদিনে ছাত্ৰজনক জেষ্ঠ ছাত্ৰই কৰিছিলে ৰেগিং । ছাত্ৰজনক পঢ়া-শুনা কৰিব নিদিয়াৰ লগতে আহাৰ গ্ৰহণৰ পৰাও বঞ্চিত ৰাখিছিল । ছাত্ৰজনে ফোনযোগে এই সমস্ত ঘটনা বিৱৰি কৈছিল মাতৃক । ইয়াৰ পাছতেই ১৮জুনত পুত্ৰৰ খবৰ লবলৈ মাতৃ উপস্থিত হয় বিদ্যালয়খনত । কিন্তু বিদ্যালয়লৈ আহি হতবাক হৈ পৰে মাতৃ । কিয়নো পুত্ৰক মোকলাই নিবলৈ হ'লে এবছৰৰ মুঠ 4 লাখ 38 হাজাৰ টকা আদায় দিব লাগিব বিদ্যালয় কৰ্তৃপক্ষক । বিদ্যালয়ৰ অধ্যক্ষৰপৰা এই কথা শুনাৰ পাছতেই উপায় বিহীন হৈ পৰা মাতৃয়ে আজাৰা আৰক্ষী থানাত দাখিল কৰে এক গোচৰ ।

ABOUT THE AUTHOR

...view details