ৰঙিয়া, 17 জুলাই : 2021 চনৰ নিৰ্বাচনত বিজেপি(BJP) দল ৰাজ্যৰ শাসনত অধিস্থিত হোৱাৰ আঁৰত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ(Microfinance Loan) ৰেহাইৰ প্ৰসংগই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(HIMANTA BISWA SARMA)ই প্ৰায় প্ৰতিখন নিৰ্বাচনী সভাতে ঋণ ৰেহাইৰ প্ৰসংগ উল্লেখ কৰি দলটোক পুনৰ দিছপুৰৰ মছনদত অধিস্থিত কৰিছিল ৷ শুকুৰবাৰে, ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ(AJANTA NEOG)ৰ বিত্তীয় বাজেটটো বিশেষ স্থান দখল কৰিছিল মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ প্ৰসংগই ৷ কিন্তু, একে সময়তে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহে বহু ঋণগ্ৰস্ত মহিলাক ভয় ভাবুকি প্ৰদান কৰি থকাৰ কথা পোহৰলৈ আহিছে ৷
শেহতীয়াকৈ ৰঙিয়াত সংঘটিত হৈছে এক অনুৰুপ ধৰণৰ ঘটনা ৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত ঋণ লোৱা মহিলাই সূতে-মূলে ধন ঘূৰাই নিদিলে আইনী ব্যৱস্থা লোৱা হ’ব বুলি ঋণগ্ৰস্ত মহিলাসকললৈ আইনী জাননী প্ৰেৰণ কৰিছে একাংশ ক্ষুদ্র বিত্তীয় প্ৰতিষ্ঠানে । এই জাননীত স্পষ্টকৈ উল্লেখ আছে যে, দিবলগীয়া ধন ঘূৰাই নিদিলে এই মহিলাৰসকলৰ বিৰুদ্ধে তৰা হ‘ব গোচৰ । চৰকাৰে বান্ধি দিয়া নিয়মৰ ভিতৰত পৰাৰ পাচতো কি সাহসত বিত্তীয় প্ৰতিষ্ঠানসমূহে মহিলাৰ বিৰুদ্ধে গোচৰ তৰাৰ পত্ৰ প্ৰেৰণ কৰিব পাৰিলে বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৷