জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ কৰক : কামৰূপ জিলা সাংবাদিক সন্থা
জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ দাবীৰে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কামৰূপ জিলা সাংবাদিক সন্থাৰ ৷
কামৰূপ, 12 জুলাই : ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ধাৰণ কৰিছে সংহাৰী ৰূপ । ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে বহুজনৰ । কামৰূপ জিলাত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত ২৬ জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ১০ জনৰ । ভয়াৱহ ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত কামৰূপ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে কামৰূপ জিলা সাংবাদিক সন্থাই । ইতিমধ্যে ভয়ংকৰ জাপানীজ এনকেফেলাইটিছৰ বীজাণু প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা বুলি উল্লেখ কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।