অসম

assam

ETV Bharat / state

মেঘালয়ত গাৰো সম্প্ৰদায়ৰ ৱাংগালা উৎসৱ উদযাপন

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷

মেঘালয়ত গাৰো সম্প্ৰদায়ৰ ৱাংগালা উৎসৱ উদযাপন

By

Published : Nov 10, 2019, 11:23 AM IST

Updated : Nov 10, 2019, 11:30 AM IST

বকো, 10 নৱেম্বৰ: শনিবাৰে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ আচানাংত অনুষ্ঠিত হয় গাৰো সম্প্ৰদায়ৰ পৰম্পৰাগত ৪২ তম '১০০ ড্ৰাম ৱাংগালা উৎসৱ' ৷ যোৱা ৭ নৱেম্বৰ, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱতৰ অন্তিমদিনাৰ কাৰ্যসূচীত গাৰো লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ৱাংগালা নৃত্য প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে মেঘালয় ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই লগতে পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্ত ৰাম সিঙ ৷

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ
উল্লেখযোগ্য যে, গাৰো সম্প্ৰদায়ৰ লোকসকলে প্ৰত্যেক বছৰে খেতিৰ ফচল চপোৱাৰ পিছত পৰম্পৰাগতভাৱে ৱাংগালা উৎসৱ পালন কৰে ৷ গাৰো সকলৰ পৰম্পৰাগত বিভিন্ন খেল, নৃত্য, বাদ্য যন্ত্ৰ বজোৱা প্ৰতিযোগিতা আদি হৈছে এই উৎসৱৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷
Last Updated : Nov 10, 2019, 11:30 AM IST

ABOUT THE AUTHOR

...view details