অসম

assam

ETV Bharat / state

অসমত গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ব: মুকুল চাংমা

বকোত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা ৷ সাম্প্ৰদায়িক ৰাজনীতি কৰা দলক ভোট প্ৰদান নকৰিবলৈ গাৰো ৰাইজক আহ্বান চাংমাৰ ৷

অসমত গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ব : মুকুল চাংমা
অসমত গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ব : মুকুল চাংমা

By

Published : Apr 2, 2021, 10:50 AM IST

বকো, 2 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে অসম-মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত গাৰো অধ্যুষিত মালাং জয়পুৰ গাৱঁত উপস্থিত হয় মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা ।

অসমত গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ব : মুকুল চাংমা

মালাং জয়পুৰত উপস্থিত হৈ বকো সমষ্টিৰ প্ৰাৰ্থী নন্দিতা দাসৰ বাবে প্ৰচাৰ চলায় মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাf । সভাত গাৰো ৰাইজক গাৰো ভাষাতে সম্বোধন কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰা দলক ভোট প্ৰদান নকৰি সকলো ধৰ্মৰ ৰাইজকে সন্মান জনাই কংগ্ৰেছ দলক ভোট দি সাম্প্ৰদায়িক দলসমূহক উৎখাত কৰাৰ বাবে আহ্বান জনায় ।

চাংমাই লগতে কয় যে, যদি আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল জয়যুক্ত হয় তেন্তে অসমৰ গাৰো ৰাইজৰ দীৰ্ঘদিনীয়া দাবী গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি দিয়া হ’ব । অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ ৰামৰায় জিংগ্ৰাম সমষ্টিৰ বিধায়ক কিম্ফা মাৰবানিয়াং আৰু ছত্তীছগড় ৰাজ্যৰ এগৰাকী বিধায়ক গোলাব কাম্ৰ' ।

লগতে পঢ়ক:বন্ধু তুমি হাৰিলা: মন্ত্ৰী হিমন্তলৈ ৰকিবুল হুছেইনৰ বাৰ্তা

ABOUT THE AUTHOR

...view details