বকো,২১ ডিচেম্বৰ :অহা বছৰ অৰ্থাৎ২০২৩ চনত অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Meghalaya election 2023)। নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলে ৰাজ্যখনত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । দল বাগৰাৰ ৰাজনীতিও আৰম্ভ হৈছে মেঘালয়ত । ইফালে মেঘালয় বিজেপিয়েআগন্তুক নিৰ্বাচনৰ লগত সংগতি ৰাখি ভোটাৰক আকৰ্ষণ চেষ্টা কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে (Meghalaya BJP election preparation)।
পোষ্টাৰ ৰাজনীতিও আৰম্ভ কৰিছে মেঘালয় বিজেপিয়ে । বিভিন্ন ভাষাৰ পোষ্টাৰত মেঘালয় বিজেপিত যোগদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে দলটোৱে । কিন্তু আচৰিত কথাটো হ'ল যে কামৰূপ জিলাৰ অন্তৰ্গত মেঘালয়ৰ সীমান্তৱৰ্তী বহু অঞ্চলটো নিৰ্বাচনৰ প্ৰভাৱ দেখা গৈছে । বকো সমষ্টিৰ অন্তৰ্গত বহু অঞ্চলত মেঘালয় বিজেপিয়ে পোষ্টাৰ লগোৱা দেখা গ'ল (Meghalaya BJP puts up posters in Boko)।
অসমৰ বকো সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি, শিংৰা, ৰাজাপাৰাকে ধৰি বিভিন্ন স্থানত মেঘালয় বিজেপিয়ে ডাঙৰ ডাঙৰ হৰ্ডিং আদি লগাইছে । বহু বিপণীত মেঘালয় বিজেপিত যোগদানৰ আহ্বান জনাই হৰ্ডিং-পোষ্টাৰসমূহ লগোৱা হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাউৰিৰ ফটো সম্বলিত পোষ্টাৰসমূহত দেখা গৈছে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলবোৰত । অসমৰ ভূমিত মেঘালয় বিজেপিৰ পোষ্টাৰ দেখি আচৰিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ইয়াৰ উপৰিও মেঘালয় বিজেপি দলত যোগদান কৰাৰ বাবে মিছকল দিবলৈও গাৰো জনগোষ্ঠীৰ লোকে বাস কৰা অঞ্চলটোত গাৰো ভাষাত আহ্বান জনাই পোষ্টাৰসমূহ লগোৱা হৈছে (Meghalaya BJP hoarding in Boko Assam)।