অসম

assam

ETV Bharat / state

অসমৰ ভূমিত মেঘালয় চৰকাৰৰ পকী পথ নিৰ্মাণৰ চেষ্টা

বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকীৰ পৰা কিছু নিলগত মেঘালয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসমৰ আঠীয়াবাৰীৰ পৰা উমছেক গাঁৱলৈ প্ৰায় 6.002 কিলোমিটাৰৰ পকী পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৷

অসমৰ ভূমিত মেঘালয় চৰকাৰৰ পকী পথ নিৰ্মাণৰ চেষ্টা

By

Published : Sep 16, 2019, 12:50 PM IST

বকো,16 চেপ্তেম্বৰঃকামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰানীঘাটত দেওবাৰে বিয়লি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অসম মেঘালয় সীমান্তত অসমৰ ভূমিৰ ওপৰেৰে মেঘালয় চৰকাৰে পকী পথ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক কেন্দ্ৰ কৰি এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

অসমৰ ভূমিত মেঘালয় চৰকাৰৰ পকী পথ নিৰ্মাণৰ চেষ্টা

তথ্য অনুসৰি বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকীৰ পৰা কিছু নিলগত মেঘালয় চৰকাৰে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসমৰ আঠীয়াবাৰীৰ পৰা উমছেক গাঁৱলৈ প্ৰায় 6.002 কিলোমিটাৰৰ পকী পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৷ যোৱা 2018 বৰ্ষৰ অক্টোবৰ মাহত এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল যদিও আৰক্ষীয়ে উক্ত পথছোৱাৰ নিৰ্মাণকাৰ্য বন্ধ কৰি অহাৰ লগতে ছাইনবোৰ্ড আৰু ফলক আদি জব্দ কৰি লৈ আহিছিল ৷ কিন্তু অসম আৰক্ষীয়ে পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ পাচত মেঘালয় চৰকাৰে পুনৰাই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে ৷ পথটোৰ নিৰ্মাণ কাৰ্য চলি থকা বুলি জানিব পাৰি হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নাথে আৰক্ষীৰ এটা দল লৈ পথ নিৰ্মাণস্থলীৰ পৰা কাম কৰি থকা ML-06-8426 নম্বৰৰ এখন টাটা ডাম্পাৰ সহিতে ডাম্পাৰৰ চালকজনক গ্ৰেপ্তাৰ কৰি বকো থানালৈ লৈ আহে ৷

দেওবাৰে বিয়লি কামৰূপ জিলা উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মণৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই হাহিম আৰক্ষীৰ সহযোগত মেঘালয় চৰকাৰে অসম ভূমিত পথ নিৰ্মাণ কৰি থকাৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ উত্তেজনা নিয়ন্ত্ৰণ কৰে ৷ পৰৱৰ্তী সময়ত বকো ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ লক্ষণীয় যে উক্ত পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ সমৰ্থনত থকা অসমৰ একাংশ পুৰুষ-মহিলাই আৰক্ষীৰ গাড়ী আগচি ধৰাৰ চেষ্টা কৰে ৷ অৱশ্যে আৰক্ষীয়ে উক্ত প্ৰচেষ্টাক ব্যৰ্থ কৰিবলৈ সক্ষম হয় ৷ বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মণে জানিবলৈ দিয়া অনুসৰি বকো সমষ্টিত মেঘালয় চৰকাৰে অবৈধ ভাৱে নিৰ্মাণ কৰিব খোজা পথৰ কাম ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৷ আৰু যিকোনো অপ্ৰীতিকৰ ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে অঞ্চলটোত ৷

ABOUT THE AUTHOR

...view details