হাজো, 21 এপ্ৰিলঃ হাজোৰ বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট চাদেক আলীক আক্ৰমণ ৷ ১১ এটা জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে চাদেক আলীক ।
বাৰাংহাটী ফাৰ্মাচিষ্ট চাদেক আলীক আক্ৰমণ দুৰ্বৃত্তৰ - বাৰাংহাটী
বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট চাদেক আলীক আক্ৰমণ ১১ এটা জনীয়া এটা দুৰ্বৃত্তৰ দলৰ । আহত ফাৰ্মাচিষ্ট চাদেক আলীসহ পত্নীক সাম্প্ৰতিক চিকিৎসা প্ৰদান কৰি থকা হৈছে ।
হাজোৰ বাৰাংহাটীত নিশা উত্তেজনা । বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট চাদেক আলীক আক্ৰমণ ১১ এটা জনীয়া এটা দুৰ্বৃত্তৰ দলে । নিজৰ চৰকাৰী আৱাসত নিশা প্ৰায় ১১.৩০ বজাত দুৰ্বৃত্তৰ দলটোৱে ফাৰ্মাচিষ্ট চাদেক আলীৰ লগতে তেওঁৰ পত্নীসহ সন্তানকো আক্ৰমণ কৰে। উল্লেখ্য যে,ৰোগী এজনক উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালৰ পৰা সংকটজনক অৱস্থাত ঘূৰাই আনি বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰিছল পৰিয়ালে ৷ ফাৰ্মাচিষ্ট আলীয়ে ৰোগী জনক চোৱা-চিতা কৰি পৰিয়ালক ৰোগীজন সংকটজনক অৱস্থাত থকা বুলি সদৰি কৰে ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ চিকিৎসা কৰাক লৈ ফাৰ্মাচিষ্ট গৰাকীৰ লগত মতানৈক্য হয় ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই আলীৰ লগতে তেওঁৰ পৰিয়ালক প্ৰহাৰ কৰিলে দুৰ্বৃত্তৰ দলটোৱে। এই ঘটনাত পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত উপস্থিত হয় স্থানীয় লোক আৰু তাৰ পাছতেই দুৰ্বৃত্তৰ দলটোৰ কেইজনমান পলায়ন কৰে যদিও আন কেইজনক স্থানীয় ৰাইজে গণ প্ৰহাৰ কৰে। আনহাতে, আহত হোৱা ফাৰ্মাচিষ্ট চাদেক আলী সহ পত্নীক চিকিৎসা প্ৰদান কৰি থকা হৈছে । স্বাস্থ্যকৰ্মী গৰাকীক আক্ৰমণ কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
লগতে পঢ়ক- ৰাইজৰ হাতত আটক বন্ধন বেংকৰ কৰ্মচাৰী