অসম

assam

বোকাপানী দেখি স্বাৱ সংগ্ৰহ কৰিবলৈ ঘৰলৈ ন'গল স্বাস্থ্য কৰ্মী

By

Published : Jul 3, 2020, 10:23 PM IST

দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত পাল্লীৰ নৱাপাৰা গাঁওখন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত শুকুৰবাৰে অঞ্চলটোত স্বাৱ সংগ্ৰহ কৰিবলৈ গৈছিল স্বাস্থ্য কৰ্মীৰ দল ৷ কিন্তু অঞ্চলটোত একাঁঠু বোকাপানী দেখি কণ্টেইনমেণ্ট জ’নৰ বাহিৰত শ্বাৱ সংগ্ৰহ কৰিলে স্বাস্থ্য বিভাগে ৷ ইয়াকে লৈ গাঁওবাসীৰ মাজত সৃষ্টি হৈছে আশংকাৰ ৷

বোকাপানী দেখি স্বাৱ সংগ্ৰহ কৰিবলৈ ঘৰলৈ ন'গল স্বাস্থ্য কৰ্মী
বোকাপানী দেখি স্বাৱ সংগ্ৰহ কৰিবলৈ ঘৰলৈ ন'গল স্বাস্থ্য কৰ্মী

আজাৰা, 3 জুলাই : শেহতীয়াকৈ গুৱাহাটী মহানগৰীত জাৰি কৰা লক ডাউনৰ সময়তে দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত পাল্লীৰ নৱাপাৰা গাঁৱৰ এক খবৰ পোহৰলৈ আহিছে । উল্লেখ্য যে, দুদিন পূৰ্বে পাল্লীৰ নৱাপাৰা গাঁৱত প্ৰকাশ কলিতা নামৰ লোক এজনৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি । ইয়াৰ সমান্তৰালকৈ ৰোগীজনৰ ঘৰৰ কাষৰ অঞ্চলটো কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল স্থানীয় প্ৰশাসনে ।

কিন্তু স্থানীয় লোকৰ অভিযোগ অনুসৰি, প্ৰকাশ কলিতা নামৰ ৰোগীজনৰ ডাঙৰ ভাতৃয়ে কণ্টেইমেণ্ট জ’ন পাৰ হৈ সমীপৰ দোকানলৈ প্ৰায়ে অহা-যোৱা কৰি আছে । যাৰ ফলত এক গণসংক্ৰমণৰ আশংকাত ভুগিছে স্থানীয় লোকসকল ।

বোকাপানী দেখি স্বাৱ সংগ্ৰহ কৰিবলৈ ঘৰলৈ ন'গল স্বাস্থ্য কৰ্মী

আনহাতে, শুকুৰবাৰে স্বাৱ পৰীক্ষাৰ বাবে অঞ্চলটোত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হয় । কিন্তু কণ্টেইনমেণ্ট জ’নত একাঁঠু পানী উঠা দেখি স্বাস্থ্য বিভাগৰ লোকে পৰিয়ালটোৰ লগতে কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ জ’নৰ বাহিৰত স্বাৱ সংগ্ৰহ কৰে ৷

স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ কামৰ প্ৰতি থকা এই হেমাহিৰ বাবে নৱাপাৰা অঞ্চলৰ গাঁওবাসীয়ে এক গভীৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : চি আই এছ এফৰ উদ্যোগত বন মহোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details