অসম

assam

ETV Bharat / state

সাহিত্য সভাৰ বাকৰিত মায়াৰাম তামুলী সাংবাদিক সন্মিলন - পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক শুৱালকুছি অধিৱেশন শেহতীয়া বাতৰি

সাহিত্য সভাৰ অন্তিম দিনৰ এক গুৰুত্বপূৰ্ণ আছিল মায়াৰাম তামুলী সাংবাদিক সন্মিলন অনুষ্ঠান ৷ মায়াৰাম তামুলী সাংবাদিক সন্মিলনত 'অৰুনোদই' আৰু লক্ষ্মী নাথ ফুকন সাংবাদিক বঁটাৰ লগতে প্ৰদান কৰা হয় পৰাগকুমাৰ দাস যুৱ সাংবাদিক বঁটা আৰু কীৰ্তিনাথ হাজৰিকা বঁটা ৷ এই অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ মৃদুল হাজৰিকাই ৷

Mayaram Tamuji journalist meet at Sualkuchi Assam Sahitya Sabha
সাহিত্য সভাৰ বাকৰিত মায়াৰাম তামুলী সাংবাদিক সন্মিলন

By

Published : Feb 4, 2020, 11:08 PM IST

শুৱালকুছি,4 ফেব্ৰুৱাৰীঃ মঙলবাৰে সামৰণি পৰে অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক শুৱালকুছি অধিৱেশন ৷ অন্তিম দিনৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল মায়াৰাম তামুলী সাংবাদিক সন্মিলন অনুষ্ঠান ৷ মায়াৰাম তামুলী সাংবাদিক সন্মিলনত 'অৰুনোদই' আৰু লক্ষ্মী নাথ ফুকন সাংবাদিক বঁটাৰ লগতে প্ৰদান কৰা হয় পৰাগকুমাৰ দাস যুৱ সাংবাদিক বঁটা আৰু কীৰ্তিনাথ হাজৰিকা বঁটা ৷ এই অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়লৰ প্ৰাক্তন উপাচাৰ্য ড৹ মৃদুল হাজৰিকাই ৷ উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে প্ৰশান্ত বৰুৱা আৰু দেৱব্ৰত বৰা ৷

সাহিত্য সভাৰ বাকৰিত মায়াৰাম তামুলী সাংবাদিক সন্মিলন

এই বৰ্ষৰ লক্ষ্মী নাথ ফুকন সাংবাদিক বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক তথা আমাৰ অসম বাতৰি কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুক ৷ সমান্তৰালকৈ পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা প্ৰদান কৰা হয় সাংবাদিক বশিষ্ট দেৱ ফুকন , তপন কুমাৰ বৰা আৰু মনোৰঞ্জন বড়োক ৷ কীৰ্তিনাথ হাজৰিকা বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক দেৱব্ৰত মিশ্ৰ আৰু বিপুল ডেকাক ৷ ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা অহা সাংবাদিকসকলক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক-বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details