ছয়গাঁও, 28 আগষ্ট : অৱশেষত গ্ৰেপ্তাৰ হ'ল আৰক্ষী বিভাগৰ ভুৱা নিযুক্তিপত্ৰ বিতৰণৰ মাষ্টাৰমাইণ্ড ছফিকুল ইছলাম ৷ নিশা ছয়গাঁও আৰক্ষীয়ে এক অভিযান চলাই সোণতলীৰ পৰা গ্ৰেপ্তাৰ কৰে ভুৱা নিযুক্তিপত্ৰ বিতৰণৰ লগত জড়িত বৃহৎ চক্ৰটোৰ মূল অভিযুক্ত ছফিকুল ইছলামক ৷
উল্লেখ্য যে, আৰক্ষী বিভাগৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ বিতৰণৰ লগত জড়িত থকা অভিযোগত ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে কামৰূপ আৰক্ষীয়ে ৷ মাষ্টাৰমাইণ্ড ছফিকুল ইছলামকে ধৰি এতিয়ালৈকে কামৰূপ আৰক্ষীৰ নিৰ্দেশত ছয়গাঁও আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ কিছুদিনৰ পূৰ্বে আৰক্ষীৰ চাকৰিত যোগদানৰ বাবে ভুৱা নিযুক্তি পত্ৰ বিতৰণৰ এক তথ্য লাভ কৰিছিল কামৰূপ আৰক্ষীয়ে ৷
এই বিষয়ত তদন্ত চলাবলৈ ছয়গাঁও আৰক্ষীক নিৰ্দেশ দিছিল কামৰূপ আৰক্ষীয়ে ৷ নিৰ্দেশ মৰ্মে আৰক্ষীৰ ভুৱা নিযুক্ত পত্ৰ প্ৰদান কৰা চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত গৰৈমাৰীৰ কালাতলী গাঁৱৰ পৰা মইনুল খান নামৰ এজন লোকক ছয়গাঁও আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰে ৷