ৰঙিয়া, 21 এপ্ৰিল: বৃহস্পতিবাৰে নিশা অহা এক প্ৰচণ্ড ধুমুহা-বৰষুণে পুনৰ চুই যায় ৰঙিয়াৰ কেন্দুকোনা অঞ্চলক । ৰঙিয়াৰ কেন্দুকোনাৰ কছৰুৱা, চেপাটোলাকে ধৰি প্ৰায় ভাগ অঞ্চলতে ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে । শিলাবৃষ্টি আৰু ধুমুহাই বহু লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰে । কেইবাটাও ঘৰ ভাঙি পৰে আৰু ঘৰৰ টিন পাত উৰুৱাই লৈ যায় । ধুমুহা-বৰষুণত আলাই-আথানি নোহোৱা হৈছে সাধাৰণ জনতাৰ ।
প্ৰবল ধুমুহা আৰু শিলা বৃষ্টিপাতৰ ফলত বহু মানুহৰ ঘৰ দুৱাৰৰ লগতে গছ-গছনি উভালি পৰে । কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে নিৰ্মাণ কৰা সপোনৰ ঘৰটো মুহূৰ্ততে ধ্বংস হৈ যোৱাত মূৰে কপালে হাত দিছে দৰিদ্ৰ লোকসকলে । বহু পৰিয়ালৰ ঘৰ-দুৱাৰ সমূহৰ ক্ষতি হোৱাত এক আতংকময় তথা অভাৱনীয় পৰিবেশৰ সৃষ্টি হৈছে । এই সকল দুৰ্ভগীয়া পৰিয়ালে এতিয়া চৰকাৰৰ সাহাৰ্যলৈ অপেক্ষা কৰি আছে (Massive storm hits various places of Rangia ) ।
ধুমুহাই টিন ফুটা কৰি পেলোওৱাৰ ফলত ঈদৰ বজাৰ কৰিবলৈ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত । এদিনৰ ভিতৰতে নিজ মইমতালিৰে অত্যাধিক হাৰত টিনপাতৰ দাম বৃদ্ধি কৰিছে টিনপাতৰ ব্যৱসায়ীসকলে । সকলো দেখি, শুনিও অধিক মূল্যত টিনপাত ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৰঙিয়াৰবাসী । কিয়নো এদিন পূৰ্বে হঠাৎ অহা বৰদৈচিলা আৰু শিলাবৃষ্টিয়ে ৰঙিয়াৰ ধুহিবালা, ডিমু, বালিসত্ৰ, কেন্দুকোনা, বালিসত্ৰ, মৰাণজানা, দ্বাৰকুছি, মাদৈকাটা আদি অঞ্চলত বিস্তাৰ ক্ষতিসাধন কৰিছে । বহু লোকৰ ঘৰ ভাঙি পৰে আৰু অধিকাংশ লোকৰ ঘৰৰ টিন পাতবোৰ ছিদ্ৰৰে ভৰি পৰে ।